Local, Vocal, Global

Massive fire breaks out in Duliajan : দুলীয়াজানৰ অইলৰ তৈলখাদত অগ্নিকাণ্ড

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।শুকুবাৰে পুৱা দুলীয়াজানৰ অইলৰ তৈলখাদত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Duliajan) ।

অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশ বিৰাজ কৰে ৷ দুলীয়াজান যোৰাজান সমীপৰ ১৬ নং তৈলখাদত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।এই অগ্নিকাণ্ডৰ ঘটনাৰ পাছতেই ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে ।

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ পৰা বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । নিশা কোনো দুস্কৃতিকাৰীয়ে তৈলখাদৰ পাইপ লাইনৰ পৰা তেল চোৰ কৰিবলৈ চেষ্টা চলোৱাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে বুলি অনুমান কৰিছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই ।

বৰ্তমান ঘটনা সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : PV Narasimha Rao, Chaudhary Charan Singh & MS Swaminathan To Receive Bharat Ratna : দেশৰ তিনিগৰাকী বৰণ্যে ব্যক্তি লৈ ‘ভাৰত ৰত্ন’ সন্মান