পুৰীৰ ৰথ যাত্ৰা ক’ভিড বিধি মানি পালন কৰা হ’ব
এইবছৰৰ পুৰীৰ ৰথ যাত্ৰা ক’ভিড বিধি মানি পালন কৰা হব। কিন্তু ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে উৰিষ্যাৰ আন কোনো ঠাইত ৰথ যাত্ৰা পালন কৰিব নোৱাৰিব। বিশেষ সাহায্য আয়ুক্ত প্ৰদীপ জেনাই বৃহস্পতিবাৰে কয় যে পুৰীত ৰথ যাত্ৰা এই বছৰ অনুষ্ঠিত হ’ব।
কিন্তু কোনো ভক্তই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব নোৱাৰে। অৱশ্যে, জেনাই কয় যে টিকাৰ দুয়োটা পালি লোৱা সকলো সেৱা অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ’ব। তেওঁ আৰু জনাই যে ৰথ যাত্ৰাৰ সময়ত পুৰীজুৰি কাৰ্ফিউ অব্যাহত থাকিব। ৰথ যাত্ৰাৰ পোনপটীয়া প্ৰচাৰৰ বাবে ফীড সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হ’ব। ২০২০ চনত ক’ভিড পৰিস্থিতিৰ বাবে ৰথযাত্ৰা বন্ধ কৰা হৈছিল।
সেই বছৰেই উচ্চতম ন্যায়ালয়ে ৰথ যাত্ৰা পালনৰ বাবে কে’বাটাও নিৰ্দেশনা জাৰি কৰিছিল।
পুৰীৰ ৰথ যাত্ৰা ক’ভিড বিধি মানি পালন কৰা হ’ব