Local, Vocal, Global

ছোৱালীৰ হাতত মোবাইল সুৰক্ষিত নহয়

উত্তৰপ্ৰদেশৰ মহিলা কমিচনৰ সদস্যা মীনা কুমাৰীয়ে এক বিতৰ্কিত মন্তব্য কৰিছে যে ছোৱালীৰ হাতত মোবাইল দিয়া সুৰক্ষিত নহয়, কাৰণ মোবাইল দিলেই ধৰ্ষণৰ ঘটনা ঘটেl তেওঁ লগতে কয় যে, ছোৱালী বিপথে গ’লে তাৰ বাবে সম্পূৰ্ণ দায়ী মাতৃ l

এই মন্তব্যৰ পৰিপ্ৰেক্ষিততে বিতৰ্কৰ সৃষ্টি হৈছে বিভিন্ন মহলত। আলিগড়ত এক অনুষ্ঠানত সাংবাদিকৰ সন্মুখত মীনাই কয়, ‘ছোৱালীক মোবাইল দিয়া উচিত নহয় । কাৰণ, ঘণ্টা ঘণ্টাজুৰি তেওঁলোকে ল’ৰাৰ লগত কথা পাতিব । ইয়াৰ পাছত তেওঁলোকৰ লগত পলাই যাব । সেয়ে ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পাইছে ।

ছোৱালীৰ ফোন কোনেও খোলি নাচায় । পৰিয়ালবৰ্গই এই বিষয়ত লক্ষ্য নকৰে ।’ তেওঁ লগতে কয়, ‘ছোৱালীৰ ডাঙৰ হোৱাৰ ক্ষেত্ৰত মাতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে । যদি কোনো ছোৱালী বিপথে যায়, তাৰ বাবে সম্পূৰ্ণ দায়ী তেওঁৰ মাতৃ ।’ মহিলা কমিচনৰ সদস্যাৰ এই ধৰণৰ মন্তব্যৰ সমালোচনা আৰম্ভ হৈছে ।

ইয়াৰ পাছতেই মহিলা কমিচনৰ ভাইচ চেয়াৰপাৰ্ছন অঞ্জু চৌধুৰীয়ে জনায় যে, এইটো সম্পূৰ্ণ মীনাৰ ব্যক্তিগত মতামত । মোবাইল কাঢ়ি ল’লেই যে ছোৱালীৰ ধৰ্ষণ বন্ধ হ’ব এই বিষয়ত একমত নহয়।