Local, Vocal, Global

ডিগবৈ নাজিৰাটিংত “পুনীত সাগৰ অভিযান”

নিউজ ডেস্ক, ১১ জুন : ডিগবৈ মহিলা মহাবিদ্যালয়ৰ উদ্যোগত উল্লেখনীয় পদক্ষেপ। মহাবিদ্যালয়ৰ NCC আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত ‘পুনীত সাগৰ অভিযান ‘ নামৰ অনুষ্ঠান ডিগবৈ নাজিৰাটিংত অনুষ্ঠিত কৰা হয়।

বৰ্তমান সময়ত প্লাষ্টিকৰ অপব্যৱহাৰ আৰু প্ৰয়োগ প্ৰদূষণৰ অন্যতম কাৰণ । পানী প্ৰদূষণ ৰোধৰ বাবে নদী আৰু সাগৰৰ পাৰ সমূহ প্লাষ্টিক মুক্ত হোৱাটো খুবেই প্ৰয়োজনীয় ।

বিশ্ব সাগৰ দিৱস উপলক্ষে পানী প্ৰদূষণ ৰোধৰ বাবেই ডিগবৈ মহিলা মহাবিদ্যালয়ৰ এন চি চি গোটে নাজিৰাটিং ৰ নদীৰ পাৰৰ পৰা কমেও ১০ কেজি প্লাষ্টিক ৰ আৱৰ্জনা সামগ্ৰী সংগ্ৰহ কৰে আৰু এইবোৰ পুনৰ ব্যৱহাৰ কৰাৰ বাবে মহাবিদ্যালয় ৰ প্লাষ্টিক বেংক ত জমা কৰে।

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ উদ্যোগত অনুস্থিত এই অভিযান ত কমেও ২০ গৰাকী NCC কেডেটে অংশ গ্ৰহণ কৰে । অভিযান টো সূচাৰু ৰূপে চলাবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষা ড. সঞ্জিতা চেতিয়া য়ে অনুপ্ৰেৰণা তথা উৎসাহ প্ৰদান কৰে ।

অনুষ্ঠানটি চলাবলৈ মহাবিদ্যালয়ৰ মান নিৰূপণ কোষৰ সমন্বয়ক ড. পংকজ লোচন গগৈ বিশেষ পৰামৰ্শ আগবঢ়াই। মহাবিদ্যালয়ৰ এন চি চি গোটৰ সমন্বয়ক নীতামণি বৰদলৈৰ লগতে মহাবিদ্যালয় ৰ দৰ্শন বিভাগৰ অধ্যাপক ড. মানিক কোঁচ উপস্থিত থাকে।