Local, Vocal, Global

অসম চৰকাৰৰ ৫০সংখ্যক কেবিনেট বৈঠক

নিউজ ডেস্ক, ১১ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পিছত দিছপুৰৰ বাহিৰত তেজপুৰত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেজপুৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হোৱা এই বৈঠকৰ পিছতে তেজপুৰৰ বাবেও বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।

আজি ঐতিহাসিক নগৰ তেজপুৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৫০সংখ্যক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ ঘোষণা কৰে। এই সংবাদ মেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব।

আজি গ্ৰহণ কৰা ২২টাকে ধৰি মুঠ ৬০০ৰো অধিক সিদ্ধান্ত বৰ্তমানলৈ অনুষ্ঠিত কেবিনেট বৈঠকসমূহত গ্ৰহণ কৰা হৈছে।

এই ৬০০ সিদ্ধান্তৰ ভিতৰত কিমান সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ল সেই সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰিবলৈ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত এক কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে পৰৱৰ্তী কেবিনেটত এই সন্দৰ্ভত অৱগত কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তেজপুৰত বহা কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ–

  • দিছপুৰত আবদ্ধ হৈ থকা ১০৩৭ টা মাটিৰ আবণ্টনৰ প্ৰস্তাৱত অনুমোদন।
  • ১৯৯২ চনৰ পৰা বিভিন্ন জিলাৰ পৰা মাটিৰ আবণ্টনক লৈ ১০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আবদ্ধ হৈ আছিল। কেবিনেটে এই আটাইবোৰ প্ৰস্তাৱত অনুমোদন দিছে।
  • অমৃত সৰোবৰ নিৰ্মাণৰ ৩৫০ কোটি টকা অনুমোদন। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ পৰা অনুমোদন দিয়া হৈছে এই ধন।
  • পৌৰ নিগম আৰু নিকায়ৰ মুখ্য কাৰ্যবাহী,অভিযন্তা,গাণনিক বিষয়া আদিক চৰকাৰে নিযুক্তি দিব।
  • এইসকল বিষয়াৰ বদলিকৰণৰো ব্যৱস্থা থাকিব আৰু চৰকাৰে তেওঁলোকক দৰমহা দিব।
  • সৌৰশক্তি আহৰণৰ বাবে অসমত ১০০০ মেগাৱাট সম্পন্ন নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ’ব।
  • প্ৰায় ৫০০০ কোটি টকা বিনিয়োগ হ’ব এই প্ৰকল্পত।
  • অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমিত এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ, ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটৰ ৮,৭২৭ কোটি টকা অনুমোদন।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ইয়াৰ বাবে প্ৰদান কৰিব পুঁজি।
  • গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ নামত নতুন সমিতি গঠন হ’ব।
  • এই সমিতিৰ তত্বাৱধানত পৰিচালিত হ’ব গৰুখঁটি কৃষি প্ৰকল্প।
  • এজন এ চি এছ বিষয়াৰ নেতৃত্বত হ’ব এই নতুন সমিতি। তেওঁৰ তত্বৱধানতে থাকিব এই প্ৰকল্প।
  • গুৱাহাটীত ৫০০০ হাজাৰ মানুহ বহিব পৰাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন।
  • বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰ বাবে দ্বিতীয় পৰ্যায়ৰ ধন মুকলি কৰাৰো সিদ্ধান্ত।
  • লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত।
  • লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰিবলৈ ঘূণাসুঁতিৰ ওপৰত দলং নিৰ্মাণৰ প্ৰস্তাৱ।
  • এই দলং নিৰ্মাণৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন।
  • এই দলং নিৰ্মাণৰ ফলত লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ দূৰত্ব হ্ৰাস পাব।
  • বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাকো দলঙেৰে সংযোগৰ সিদ্ধান্ত।
  • এই দলংৰ বাবে ২৪৭ কোটি টকাৰ অনুমোদন।

তেজপুৰক লৈ কেবিনেটৰ সিদ্ধান্তসমূহ–

  • তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ Revised অনুমোদন।
  • পূৰ্বতকৈ দীঘল হ’ব এই উৰণীয়া সেতুখন।
  • এই উৰণীয়া সেতুৰ দৈৰ্ঘ্য বৃদ্ধি পোৱাৰ ফলত নিৰ্মাণ ব্যয় বৃদ্ধি হোৱাৰ বাবে ৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।
  • কেবিনেটে ইয়াক অনুমোদন জনাইছে।
  • মৰা ভৰলুৰ পুনৰ খননৰ বাবে ১৫ কোটি টকা অনুমোদন।
  • তেজপুৰৰ বৰপুখুৰী উন্নয়নৰ বাবে ১৬ কোটি টকা অনুমোদন।
  • ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ আধুনিকিকৰণৰ বাবে ৪ কোটি টকা অনুমোদন।
  • স্থানান্তৰ কৰা হ’ব তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ।
  • তেজপুৰৰ মাজমজিয়াৰ পৰা এই কেন্দ্ৰীয় কাৰাগাৰ চাৰিদুৱাৰলৈ স্থানান্তৰ কৰা হ’ব।
  • এতিয়া এই কাৰাগাৰ যি স্থানত আছে তাত জ্যোতি-বিষ্ণু-ফণী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ।
  • বৰ্তমানৰ জে’লৰ ৬৪ বিঘা মাটিত হ’ব এই প্ৰকল্প।
  • তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি কৰা হ’ব।
  • বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় FPCৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে অনুমোদন দিব।