Pulwama attack: ভাৰতৰ বাবে এটা ক’লা দিন
গুৱাহাটী: ২০১৯ চনৰ আজিৰ দিনটোতে জম্মু–কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০জনকৈ চি আৰ পি এফৰ জোৱান।
জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল সেই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ।পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি বাহনেৰে চি আৰ পি এফৰ কনভয়ৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ।আজিৰ দিনটোক সমগ্ৰ বিশ্বই প্ৰেমৰ দিন হিচাপে পালন কৰে যদি আজি ভাৰতৰ বাবে এটা ক’লা দিন।
জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত দেশৰ জোৱানৰ তেজৰ চেকুৰাই ৰাঙলি কৰিছিল জম্মু–শ্ৰীনগৰ ঘাইপথ। সেইদিনা জুই, কলা ধোঁৱাই পুলৱামাৰ আকাশ ছানি ধৰিছিল। অ’ত-ত’ত চিটিকি পৰিছিল জোৱানৰ মাংস আৰু তেজৰ চেকুৰা। এতিয়াও যেন চিঞৰ শুনা যায় দেশৰ শ্বহীদ জোৱানৰ।আজি সম্পূৰ্ণ হ’ল পুলৱামা কাণ্ডৰ ৬ টা বছৰ। এই আক্ৰমণে প্ৰতিজন ভাৰতীয়ৰ বুকু কঁপাই তুলিছিল। ২০১৯ বৰ্ষৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল সেনা জোৱান ৷
এই ঘটনাৰ পাছতে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। তেওঁলোকে প্ৰেৰণ কৰা এটা ভিডিঅ’ই প্ৰতিজন ভাৰতীয়ৰ বুকু কপাই তুলিছিল।আক্ৰমণকাৰীজনক ২২ বছৰীয়া আত্মঘাতী বোমাৰু আদিল আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল। আদিল আহমেদ দাৰ বিস্ফোৰক ভৰ্তি বাহনখন চিআৰপিএফৰ কনভয়ৰে খুন্দা মাৰিছিল।
আৰু এই আক্ৰমণৰ ঠিক ১২ দিনৰ পাছত ভাৰতে নিজৰ বীৰ সৈনিকৰ শ্বহীদৰ প্ৰতিশোধ লৈছিল। পুলৱামা আক্ৰমণৰ ঘটনাৰ পিছত ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদীৰ ঠিকনাত এয়াৰ ষ্ট্ৰাইক চলাইছিল। লগে লগে নিহত হৈছিল কেবাজনো সন্ত্ৰাসবাদী।
দেশে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ জোৱানৰ বলিদান।