Local, Vocal, Global

প্ৰতিবাদত কপি উঠিছে এখন গাওঁৰ আকাশ বতাহ

ডিজিটেল ডেস্ক:- প্ৰতিবাদত কপি উঠিছে এখন গাওঁৰ আকাশ বতাহ।
অৱশ্যে এই প্ৰতিবাদ কিছু ব্যতিক্ৰমী। শাসনত থকা ৰজা, মন্ত্ৰী অৰ্থব কোনো বিষয়াৰ বিৰুদ্ধে নহয়, এই প্ৰতিবাদ নৱ প্ৰজন্মৰ ভৱিষ্যত স্বাৰ্থত, এই প্ৰতিবাদ এখন গাওঁৰ স্বাৰ্থত, এক সুষ্ট পৰিৱেশ ঘূৰাই অনাৰ স্বাৰ্থত ।

গাওঁ খনৰ ইমূৰৰ পৰা সিমূৰলৈকে কেৱল ড্ৰাগছৰ বিৰুদ্ধে চলিছে এই প্ৰতিবাদ।

এই দৃশ্য হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ বাঘজান থানাৰ অন্তৰ্গত কৰদৈগুৰি গাওঁৰ ।

ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল গাঁও খনৰ পুৰুষ মহিলাৰ পৰা কিশোৰ কিশোৰী লৈকে।

কণমানিৰ পৰা বয়ুজেষ্ট ব্যক্তি লৈকে সকলোৱে ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱন কাৰি সকলক হুছিয়াৰ কৰি কঁপাই তুলিছে গাঁও খনৰ আকাশ বতাহ ।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।