Local, Vocal, Global

সদৌ অসম কবি-সাহিত্য চক্ৰৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

ডিজিটেল ডেস্ক:- চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰৰ উদ্যোগত দুদিনীয়াকৈ সোণাৰিত অনুষ্ঠিত হোৱা সদৌ অসম কবি-সাহিত্য চক্ৰৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ আজি সামৰণী পৰে। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আজি পুৱা গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰে পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰেন বৰফুকন আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক সুশীল চুড়ীয়ে।

পুৱা ১১ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পিছত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। “সামাজিক মাধ্যমৰ বঁটা বাহন আৰু বৌদ্ধিক সমাজত ইয়াৰ প্ৰভাৱ” শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰ খনৰ সঞ্চালনা কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ চক্ৰপানী পাতিৰে। আলোচনা চক্ৰ খনত বিষয়বস্তুৰ ওপৰত ভাষণ দিয়ে গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰশান্ত চুতীয়া আৰু সাপেখাতি মহাবিদ্যালয়ৰ অধ্যাপক ত্ৰিদীপ ফুকনে। বিয়লি সদৌ অসম কবি-সাহিত্য চক্ৰৰ সভাপতি অনুপকুমাৰ তালুকদাৰৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়।

গড়গাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ ৰিমঝিম বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ ৰবীন কোঁৱৰ, প্ৰাক্তন জিলা শিক্ষা বিষয়া কমল গগৈ, সোণাৰি মহাবিদ্যালয়ৰ উপাধক্ষ ডঃ সুনীল দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক মণি গগৈ, সমাজকৰ্মী পুলক গগৈ, বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ জুৰি দেৱী ফুকন, কবি-লেখিকা নিবেদিতা ফুকন, শিক্ষয়িত্ৰী ৰোহিনী গগৈ লাহন, সাংবাদিক মৃত্যুঞ্জয় দাস আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সদৌ অসম কবি-সাহিত্য চক্ৰৰ প্ৰধান সম্পাদক বিতুমনি গোস্বামীয়ে আঁতধৰা সভাত সদৌ অসম কবি-সাহিত্য চক্ৰৰ তৰফৰ পৰা ২০২১-২২ বর্ষৰ বাবে আগবঢ়োৱা জীৱন যোৰা সাধনা বঁটা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত মুঠ ১৫ জন ব্যক্তিক প্ৰদান কৰা হয়। ইয়াৰ উপৰিও সদৌ অসম কবি-সাহিত্য চক্ৰৰ ফেচবুক গোটৰ জড়িয়তে অনুষ্ঠিত কৰা কবিতা, অনুগল্প, প্ৰবন্ধ, চুটিগল্প প্ৰতিযোগিতা আৰু অধিৱেশন উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন সাহিত্য প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলক সভাত পুৰস্কৃত কৰা হয়।

তেজস্বীনি অসম গোটৰ সোণাৰিৰ শিল্পী সকলে পৰিৱেশত কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ আদৰণি ভাষণ দিয়ে উদযাপন সমিতিৰ সভাপতি নৰেন ৰাজখোৱাই। সভাত অধিৱেশন উপলক্ষে মঞ্জুলা চেতিয়া, ডঃ নিজুমণি চাংমাই আৰু পূৰবী শইকীয়াৰ সম্পাদনাত প্ৰকাশিত “চিন্তাশ্ৰোত” নামৰ স্মৃতিগ্ৰন্থখনিৰ লগতে সদৌ অসম কবি-সাহিত্য চক্ৰৰ দ্বাৰা প্ৰকাশিত “শতপুষ্প”, বাৰ্ষিক মুখপত্ৰ “কাব্য বৈভৱ”, তিনিমহীয়া কাব্যলোচনী “কাব্যকুসুম”কে আদি কৰি আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰে অধিৱেশনৰ সামৰণি মৰা হয়।