Local, Vocal, Global

PM Modi’s Visit to Russia: মস্কোত পুটিনেৰে মুখামুখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক,৮ জুলাইঃতৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে ৰবিবাৰে আৰম্ভ কৰে প্ৰথমটো বিদেশ যাত্ৰা।দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰথমে তেওঁ ৰাছিয়ালৈ যায় আৰু ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্যিক শীৰ্ষ সন্মিলনত অংশ লয় আৰু তাৰ পিছত তেওঁ অষ্ট্ৰিয়ালৈ যায়।মস্কোত অনুষ্ঠিত কৰা হয় মোডী আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দ্বিপাক্ষিক মুখামুখি আলোচনা।উল্লেখ্য যে ২০২২ চনত আৰম্ভ হোৱা ইউক্ৰেইন যুদ্ধৰ পিচত প্ৰথমবাৰৰ বাবে মোডী ৰাছিয়া ভ্ৰমণলৈ গৈছে।(Modi is visiting Russia for the first time since the War of Ukraine that began in 2022)

এতিয়া মোডীৰ মস্কো ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইউক্ৰেইন যুদ্ধ তথা শান্তি স্থাপনত মোডীৰ ভ্ৰমণে বৃহৎ ভূমিকা পালন কৰিব বুলি বিভিন্ন মহলে আশা প্ৰকাশ কৰিছে।উল্লেখ্য যে, কূটনৈতিক সূত্ৰৰ মতে খাৰুৱা তেল,কৃষিজাত সামগ্ৰী ৰপ্তানি-আমদানিৰ পৰা প্ৰতিৰক্ষালৈকে বিভিন্ন ক্ষেত্ৰৰ আলোচনা কৰা হয়।

ৰাছিয়া ভ্ৰমণ কালতে মোডীয়ে অষ্টিয়াও ভ্ৰমণ কৰিব আৰু তেওঁৰ আগমনক দেশখনৰ চেন্সেলৰ কাৰ্ল নেহমেৰে আদৰণি জনায়।উল্লেখনীয় যে মোডীৰ আগমণে হ’ব ৪০ বছৰৰ পিচত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰিয়া ভ্ৰমণ।(Modi’s arrival will mark first Indian PM’s visit to Austria in 40 years)

লগতে পঢ়কঃRahul Gandhi in Manipur today:দিনজোৰা কাৰ্যসূচীৰে আজি মণিপুৰলৈ আহিব বিৰোধী দলপতি ৰাহুল গান্ধী