Local, Vocal, Global

কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী !প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ বাবে মহানগৰ যান–বাহন আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা …

ডিজিটেল ডেস্ক:- কাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী।শুকুৰবাৰে কেইবাটাও কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীয়ে।মহানগৰত যান-বাহন চলাচলত ক্ষেত্ৰত আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ।প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ বাবে যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলত ক্ষেত্ৰত জাৰি কৰিছে পথ নিৰ্দেশনা।

মহানগৰ যান–বাহন আৰক্ষীয়ে ১৪ এপ্ৰিলত উজনিৰ পৰা অহা গধুৰ বাহন সমূহ কলিয়াবৰ হৈ যাবলৈ নিৰ্দেশ দিছে। নামনিৰ পৰা অহা বাহন বাইহাটা-তেজপুৰ পথেৰে আৰু ধুবুৰীৰ বাহন নৰনাৰায়ণ সেতু হৈ যাবলৈ নিৰ্দেশ জাৰি কৰিছে।

জানিব পৰা মতে যিসকল লোকে সৰুসজাইত বিহুৰ বিশ্ব অভিলেখৰ মুহূৰ্ত প্ৰত্যক্ষ কৰাৰ বাবে পাছ পোৱা নাই তেওঁলোকক ষ্টেডিয়ামলৈ বাহন নানিবলৈ নিৰ্দেশ দিছে।
লগতে মহানগৰী আৰক্ষীয়ে আহ্বান জনাই, সাধাৰণ জনতাক গুৱাহাটীৰ ৰাজপথ এৰি চলিবলৈ আৰু তাৰ পৰিৱৰ্তে গুৱাহাটীৰ ভিতৰত GS, MG, AT ৰোড ব্যৱহাৰ কৰিবলৈ।ইয়াৰোপৰি,বৃহস্পতি আৰু শুকুৰবাৰে ৰাজপথৰ পাৰ্কিঙত নিষেধাজ্ঞা জাৰি কৰিছে।লগতে গুৱাহাটীৰ ৰাজপথত গধুৰ বাহন চলাচলত মহানগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে।

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে চাংসাৰি AIIMSৰ লগতে অসমৰ আন তিনিখন চিকিৎসা মহাবিদ্যালয়ও মুকলি কৰিব।লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত মুঠ ১৪,০০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব।পলাশবাৰী–শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।