Local, Vocal, Global

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এক নৃশংস হত্যাকাণ্ড!

ডিজিটেল ডেস্ক:- উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চুৰিৰ কাৰ্যৰ সন্দেহত নিৰ্মম ভাৱে হত্যা এজন লোকক। জানিব পৰা মতে,হত্যা কৰা লোকজনৰ নাম শিৱম জোহৰী।উল্লেখ্য যে শিৱম জোহৰী বিগত ৭ বছৰে ধৰি শ্বাহজাহানপুৰৰ চক কোতৱালী অঞ্চলৰ আজিজগঞ্জ মহল্লাৰ সুৰী পৰিবহনত মেনেজাৰ হিচাপে কাম কৰিছিল।

পৰিবহনত মেনেজাৰ হিচাপে কাম কৰা শিৱম জোহৰীক মৃত অৱস্থাত চিকিৎসালয়ত উদ্ধাৰ কৰা হৈছিল।পৰিয়ালৰ লোক সকলে তেওঁৰ মৃতদেহটোত আঘাতৰ চিন দেখিবলৈ পাইছিল।শেহতীয়াকৈ যুৱকজনক তালিবানীৰ দৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে শিৱমক এটা লোহাৰ খুটাত বান্ধি লৈছে আৰু এজন যুৱকে তেওঁক লাঠিৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰিছে। এজন যুৱকে তেওঁক ধৰি আছে।লগতে অভিযোগ কৰা হৈছে যে প্ৰহাৰ কৰাৰ পিছত, তেওঁৰ গাত বিদ্যুৎ লগাই দিছিল আৰু চাদৰ পৰা ওলোটাকৈ ওলোমাই থোৱা হৈছিল। নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ ফলত শিৱম জোহাৰীৰ মৃত্যু হয়।

। আৰক্ষীয়ে জনোৱা অনুসৰি, শিৱমৰ মৃতদেহ মঙলবাৰে নিশা চিকিৎসালয়ত পেলাই থৈ অহা হৈছিল ।ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ তেওঁৰ মৃত্যু হৈছিল। যেতিয়া এজন আৰক্ষী বিষয়াই চিকিৎসালয়ত মৃতদেহটো পৰীক্ষা কৰিছিল, তেওঁ বিদ্যুৎস্পৃষ্ট হোৱাৰ দাবীৰ সৈতে অসামঞ্জস্যপূৰ্ণ আঘাত লক্ষ্য কৰিছিল আৰু তদন্ত আৰম্ভ কৰিছিল।

শিৱমে যোৱা সাত বছৰ ধৰি পৰিবহন ব্যৱসায়ী বঙ্কিম চুৰীৰ সৈতে কাম কৰি আছিল।শেহতীয়াকৈ, বিশিষ্ট ব্যৱসায় কানহিয়া হোছিয়েৰীৰ এটা পেকেজ হেৰাই গৈছিল। পৰিবহনকাৰীসকলৰ কেইবাজনো কৰ্মচাৰীক চুৰিৰ সন্দেহত আক্ৰমণ কৰা হৈছিল।

শিৱমৰ দেউতাকে অভিযোগ কৰিছিল যে তেওঁৰ পুত্ৰক কাপোৰ চুৰি কৰাৰ সন্দেহত মাৰপিট কৰি হত্যা কৰা হৈছিল। তেওঁ দুজন ব্যৱসায়ীকে ধৰি সাতজন লোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত হত্যাৰ গোচৰ দাখিল কৰিছে।বৰ্তমান আৰক্ষীয়ে কানহাইয়া হোজৰীৰ গৰাকীকে কেইবাজন লোকক আটক কৰিছে আৰু তেওঁলোকক সোধা-পোছা আৰম্ভ কৰিছে।

পৰিয়ালটোৱে সদৰ বজাৰ আৰক্ষী থানাৰ সদৰ বজাৰ অঞ্চলৰ কানহাইয়া হোজৰীৰ গৰাকী নীৰজ শিৱম গুপ্তা আৰু একাউণ্টেণ্টসহ কেইবাজনো লোকৰ বিৰুদ্ধে শিৱম জোহৰীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।