Prime Minister Modi to pay two-day visit to Assam : মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নিউজ ডেস্ক,১৫এপ্ৰিল : অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিৰ্বাচনী কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী ৷ বুধবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ’ব গুৱাহাটীত । প্ৰধানমন্ত্ৰীক আগমণক লৈ বিজেপিয়ে চলাইছে ব্যাপক প্ৰস্তুতি(Prime Minister Modi to pay two-day visit to Assam) ।
অসমলৈ আহি নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ ।
জানিব পৰা মতে, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । সভাৰ বাবে প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে। মোদীৰ সভাৰ বাবে পথ নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি বিশাল মঞ্চ আদিৰ বাবে বিধে বিধে প্ৰস্তুতি চলাইছে।
লগতে পঢ়ক : Two Brothers Killed In Bike Crash In Goa : পুত্ৰৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি আত্মহনন পিতৃৰ