Local, Vocal, Global

 কেনেকুৱা হয় ৰাষ্ট্ৰপতিৰ ছেলুন ?

ভাৰতৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতি ব্যৱহাৰ কৰা চেলুন কেনেকুৱা হয় ,আপুনি জানেনে ?
ৰাষ্ট্ৰপতি গৰাকী ব্যৱহাৰ কৰা চেলুন অত্যাধুনিক প্ৰযুক্তিৰে বনোৱা এটা কোঠা । যত উপলব্ধ থাকে ৰাষ্ট্ৰপতি গৰাকী বিচৰা সকলো ধৰণৰ সুবিধা ।

বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি বিশেষ ৰেল যোগে নিজৰ গাঁওখনলৈ বুলি ৰাওনা কৰিছে ।
১৫ বছৰ পিছত এজন ৰাষ্ট্ৰপতি ৰেল যোগে যাত্ৰা আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে ২০০৬ চনত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম এই বিশেষ ৰেল যোগে যাত্ৰা কৰিছিল

ৰাষ্ট্ৰপতি গৰাকী ব্যৱহাৰ কৰা চেলুন যত ডাইনিং ৰোম,ভিছিটিং ৰোম,দুপৰীয়াৰ আহাৰ খোৱাৰ লগতে কনফ্ৰেন্স ৰোম ,জিৰণি ৰোম এনেকুৱা সকলোধৰণৰ সুবিধাৰ ব্যৱস্থা কৰা থাকে ।

প্ৰেচিডেন্সিয়েল চেলুন পোন প্ৰথমে VICTORIA OF INDIA ব্যৱহাৰ কৰিছিল । প্ৰথমে ৱাইস ৰীগল নামেৰে জনা গৈছিল । ইয়াৰ ভিতৰত পাৰ্ছিয়ান কাৰ্পেটৰ লগত চিকিং ছফা ৰখা হয় । ১৯৫০ চনত পোন প্ৰথমে ভাৰতৰ ৰাষ্ট্ৰপতি ডা: ৰাজেন্দ্ৰ প্ৰসাদ ব্যৱহাৰ কৰিছিল তাৰপিছত সময়ৰ লগত বহুতো অত্যাধুনিক ভাৱে বনোৱা হৈছে ।