কোভিড ভেকচিন লৈ মৃত্যু হল মৰিগাঁওৰ এজন ব্যক্তিৰ
জ্যেষ্ঠ বাওঁপন্থী নেতা লাচিত মেধি কালি নিশা ১০বজাত নগাওঁৰ এখন ব্যক্তিগত চিকিৎসালত মৃত্যু হয় । মৰিগাঁও জিলা মিকিৰভেটাৰ বাসিন্দা লাচিত মেধিৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা ২২জুন বৰঘাট উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হেমৰাম পাতৰ হাইস্কুলত জিলা প্ৰশাসনে স্থাপন কৰা মেগা ভেকচিন কেন্দ্ৰত ভেকচিন লোৱাৰ ১ঘণ্টা পাছৰে পৰা লাচিতৰ গা বেয়া হব ধৰে আৰু নিজকে দুৰ্বল বুলি অনুভৱ কৰে, পৰিয়ালৰ লোকে জানিব দিয়া মতে ।
আৰু কালি আবিলিৰ পৰা ডায়েৰিয়া হোৱাৰ ফলত পৰিয়ালৰ লোকে ততাতয়াকৈ নগাওঁৰ এখন ব্যক্তিগত চিকৎসালয়ত ভৰ্তি কৰে আৰু চিকৎসালয়ত চিকৎসাধীন অৱস্থাতে যোৱা নিশা প্ৰায় ১০মান বজাত তেওঁৰ মৃত্যু হয় ।
অৱশ্যে লাচিতৰ মধুমেহ, বৃক্ক আৰু হৃদৰোগকে আদি কৰি ৰোগত ভুগি থকাৰ পিছত কৰুণা ভেকচিন লৈছিল বুলি পৰিয়ালৰ লোকে জানিব দিছে ।