Local, Vocal, Global

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম-মিজোৰাম ভ্ৰমণ কাৰ্যসূচী

নিউজ ডেস্ক, ৩ মে:- সোমবাৰে ৰাষ্ট্ৰপতি ভ্ৰমণৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি ৩ মেৰ পৰা ৬ মেলৈ অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

বুধবাৰে তামুলপুৰ সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

ৰাষ্ট্ৰপতি গৰাকীয়ে আজাদী কা অমৃত মহোৎসৱৰ অধীনত উত্তৰ পূৱৰ উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীৰ এক অনুষ্ঠানটো অংশগ্ৰহণ কৰিব।

লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে পবিত্ৰ ঈদ উল ফিটৰ উপলক্ষ্য সমগ্ৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ।

জানিব পৰা মতে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসম ভ্ৰমণৰ লগতে মিজোৰামো ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে ।