আজি পবিত্ৰ ঈদল-ফিতৰ

নিউজ ডেস্ক, ৩ মেঃ এমাহৰ পবিত্ৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদল- ফিতৰ। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে পবিত্ৰ ঈদল- ফিতৰ। ৰাজ্যজুৰি চলিছে উৎসাহভৰা প্ৰস্তুতি।
এই পৱিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। ১ মাহ ধৰি ৰোজা ৰখাৰ পাছত আজি সকলোৱে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।
পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰে। এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা।
উল্লেখ্য যে, প্ৰায় ২ বছৰৰ অন্তত ৰাজ্যবাসীয়ে অতি উলহ-মালহেৰে পালন কৰিছে পৱিত্ৰ ঈদ। কোৰোনাসৃষ্ট পৰিৱেশৰ বাবে যোৱা দুটা বছৰে ইছলাম ধৰ্মী লোক সকলে ভালদৰে পালন কৰিব পৰা নাছিল ঈদ।