অৰুণাচল প্রদেশত উগ্রপন্থী বিৰোধী অভিযানত অস্ত্র ভাণ্ডাৰ উদ্ধাৰ

নিউজ ডেস্ক, ৩ মে:-অৰুণাচল প্রদেশৰ ফিনভিৰুত অস্ত্র ভাণ্ডাৰ উদ্ধাৰ। গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰিলে অস্ত্র ভাণ্ডাৰ।
এক বিশেষ সূত্রৰ পমখেদি চলাইছিল এই উগ্রপন্থী বিৰোধী অভিযান।
উগ্রপন্থী বিৰোধী অভিযানত উদ্ধাৰ কৰে এটা AK56 ৰাইফলসহ ৪ জাঁই সক্রিয় গুলীৰ লগতে উদ্ধাৰ কৰে দুটা Single Shot ৰাইফল, এটা পিষ্টল।
অৰুণাচল প্রদেশৰ ফিনভিৰুৰ গভীৰ অৰণ্যৰ মাজত সেনাই উদ্ধাৰ কৰে ৪০ গ্রাম ড্রাগছৰ লগতে ৩ জাঁই
সক্রিয় গুলী আৰু ৪৫০ গ্রাম বিস্ফোৰক সামগ্রী।
জানিব পৰা মতে, উদ্ধাৰকৃত অস্ত্র-শস্ত্রসমূহ মানমৌ আৰক্ষীক গতাই দিছে সেনাই।
বৰ্তমানেও সেনা-আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্রপন্থীবিৰোধী অভিযান।