Local, Vocal, Global

Watch | Mallikarjun Kharge and Rahul Gandhi arrives in Guwahati : আজি অসমত আহি উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জু আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ আজি অসমত আহি উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। কংগ্ৰেছৰ দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাক অসম প্ৰদেশ কংগ্ৰেছৰ
নেতা কৰ্মীয়ে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা আদৰি আনে ।

ছয়গাঁৱত অনুষ্ঠিত “কৰ্মী সভা” আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধী ।

দুয়োগৰাকীক নেতাক আদৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। দুয়োগৰাকী নেতাই দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে দলৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হ’ব।

কংগ্ৰেছৰ শীৰ্ষ নেতা দুয়োগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত আজি প্ৰথমেদুয়োগৰাকী নেতায়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে আৰু তাৰ পিছত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডলৈ ৰাওনা হ’য়। হোটেল কিৰণশ্ৰী গ্ৰেণ্ডতে দুয়োগৰাকী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাই দলীয় বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হ’ব।

তাৰ পিছতে তেওঁলোকে ছয়গাঁৱত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ ‘কৰ্মী সভা’ত অংশগ্ৰহণ কৰে আনহাতে,ৰাহুল গান্ধীয়ে উদাত্ত ভাষণেৰে কয়- “কংগ্ৰেছ নেতা কৰ্মীসকল সিংহ, তেওঁলোকে কাকো ভয় নকৰে”।

লগতে মন্তব্য কৰি কয় ,অসমৰ ভূমিৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ , নিৰ্বাচনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাক জে’লত দেখিব অসমৰ ৰাইজে’।

আৰু এনেদৰে ভাষণৰ মাজেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু দেখুৱালে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে।

এই কাৰ্যসূচীৰ পূৰ্বে মঙলবাৰে ৰাজ্যত উপস্থিত হয় এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং।

কৰে যে বিজেপিৰ এতিয়া ৰাহুল গান্ধীৰ নাম শুনিলেই জ্বৰ উঠে। তেওঁ লগতে বিজেপিয়ে ৰাজ্যত অপশাসন চলাই থকা বুলিও উল্লেখ কৰে।

লগতে পঢ়ক : Watch | Chapar eviction place visit congress MLA: চাপৰৰ চৰুৱাবাখৰা,সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত জাকিৰ হুছেইন শিকদাৰ