President Murmu accepts Tamilisai Soundararajan’s resignation : তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মুৰ্মুৱে
নেশ্যনেল ডেস্ক, ১৯মাৰ্চ : অৱশেষত পদত্যাগ গ্ৰহণ কৰিলে তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেলেংগানাৰ ৰাজ্যপাল তথা পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰে(President Murmu Accepts Resignation Of Telangana Governor Tamilisai Soundararajan)।
ৰাষ্ট্ৰপতি মুৰ্মুয়ে তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰি তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যভাৰ অস্থায়ীভাৱে ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক প্ৰদান কৰে ৷
চি পি ৰাধাকৃষ্ণনক তেলেংগানাৰ ৰাজ্যপাল দায়িত্ব লাভ কৰি এক্সৰ এটা পোষ্ট কৰি লিখে যে তেওঁ তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে সেৱা আগবঢ়োৱাৰ অতিৰিক্ত দায়িত্ব লাভ কৰি ধন্য । ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো মাতৃভূমিৰ সেৱা কৰাৰ বাবে তেওঁ এই অতিৰিক্ত দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে(President Murmu accepts Tamilisai Soundararajan’s resignation) ।
উল্লেখ্য যে, সুন্দৰৰাজনে ২০১৯ চনৰ নৱেম্বৰত তেলেংগানাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল আৰু পিচত পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰিছিল ।তেওঁ ২০০৭ চনৰ পৰা ২০১০ চনলৈ তামিলনাডু বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু দলৰ ভিতৰত বিভিন্ন সাংগঠনিক ভূমিকা গ্ৰহণ কৰিছিল ।
খবৰ অনুসৰি, তামিলিসাই সুন্দৰৰাজনে ৰাজ্যপালৰ দৰে এক সন্মানীয় পদ ত্যাগ কৰি লোকসভা নিৰ্বাচন খেলাৰ মন মেলিছে । এই খবৰে এতিয়াই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।