Parliament Budget Session : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন

নেশ্যনেল ডেস্ক, ৩১জানুৱাৰী : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন ৷ বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰে(Parliament Budget Session) ।
ৰাষ্ট্ৰপতি মূৰ্মুৱে কয়, ‘‘নতুন সংসদ ভৱনত এইটো মোৰ প্ৰথমটো ভাষণ আৰু নতুন বছৰত এইখন প্ৰথমখন বাজেট। ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে, ২০২৩ বৰ্ষটো দেশৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ বিশ্বব্যাপী আৰ্থিক সংকটৰ পিছতো ২০২৩ বৰ্ষটো ভাৰতৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ কাৰণ মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনীতিৰ বিকাশ আছিল দ্ৰুততম(President Droupadi Murmu addresses joint sitting of Lok Sabha and Rajya Sabha) ।
ইয়াৰ লগতে জি-২০ৰ সফলতাই সমগ্ৰ বিশ্বতে ভাৰতৰ ভূমিকা শক্তিশালী কৰিছিল। চৰকাৰে লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে। নাৰী শক্তি আইনে লোকসভা আৰু ৰাজ্যসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বহু বছৰ ধৰি অপেক্ষা কৰা হৈছিল(Centuries-old desire of Ayodhya Ram Mandir now a reality, says President Murmu)। কিন্তু এতিয়া এইটো সম্পূৰ্ণ হৈছে। ইয়াৰোপৰি আৰু বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত । ১ ফেব্ৰুৱাৰীত উপস্থাপন কৰা হ’ব কেন্দ্ৰীয় বাজেট। মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এয়া অন্তিম বাজেট। ১ ফেব্ৰুৱাৰী অৰ্থাত কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব। লগতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এখন সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব।লোকসভা নিৰ্বাচনৰ পাছত নতুন চৰকাৰৰ তৰফৰ পৰা জুলাইত বিত্তীয় বৰ্ষ ২০২৪-২৫ ত পূৰ্ণাংগ বাজেট উপস্থাপন কৰা হ’ব।
ইফালে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মঙলবাৰে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এক সৰ্বদলীয় বৈঠকত কৈছিল যে, ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় বিত্তীয় ব্যৱসায় আৰু ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত আলোচনাত সমৰ্পিত হ’ব।
লগতে পঢ়ক : Over 50 flight delayed as dense fog blankets Delhi : দিল্লীত কুঁৱলীৰ ফলত প্ৰায় ৫০ খন বিমান চলাচলত বাধা