অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু !

ডিজিটেল ডেস্ক:-অসমলৈ আহিব ৰাষ্ট্ৰপতি।দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকীয়ে।দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত অসমৰ কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশ গ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰোপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ উপভোগ কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুয়ে।