আপুনি অত্যাধিক মাত্ৰত নিমখ সেৱন কৰে নেকি? যদি কৰে তেন্তে সাৱধান হওঁক, ই শৰীৰৰ বাবে হ’ব পাৰে মাৰাত্মক !

ডিজিটেল ডেস্ক:-নিমকেই হ’ল সুস্বাদু ব্যঞ্জনৰ চাবি–কাঠি। ৰন্ধনত সোৱাদৰ ববে যিমানখিনি প্ৰয়োজন সিমানখিনি নিমখেই শৰীৰৰ বাবে পৰ্যাপ্ত। কিন্তু বহুতেই খাবলৈ বহাৰ সময়ত পাতত কেঁচা নিমখ লয়। এয়া শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক।আপুনি জানেনে অত্যধিক নিমখ সেৱন আপোনাৰ শৰীৰৰ বাবে ক্ষতি হব পাৰে।অধিক পৰিমাণৰ নিমখ সেৱন কৰিলে অকালতে বুঢ়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।প্ৰচুৰ পৰিমাণৰ নিমখ খালে অকালতে বাৰ্ধক্যকাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে।আহক জানি লওঁ ই আমাৰ শৰীৰত কেনেধৰণে প্ৰভাৱ পেলাই।
অধিক নিমখ সেৱনে আমাৰ চুলি ওপৰত অধিক প্ৰভাৱ পেলাই।অধিক নিমখ সেৱন কৰিলে চুলি সোনকালে পকে বুলি বিশ্বাস কৰা হয়।
অত্যাধিক নিমখ সেৱনে শৰীৰত এলাৰ্জী হয় বুলি বিশ্বাস কৰা হয়।
বেছি নিমখ খালে দেহত তেজৰ মাত্ৰা কমি যায়।
চকুৰ বাবেও অতিৰিক্ত নিমখ সেৱন কৰাটো ভাল নহয়।
কেঁচা নিমখ খোৱাৰ অভ্যাস থাকিলে জীৱনৰ পৰা বিয়োগ সোনকালে হোৱাৰ সম্ভাৱনা থাকে। আনকি আকস্মিক মৃত্যুও হ’ব পাৰে। সম্প্ৰতি ৫ লাখ ব্ৰিটিছৰ ওপৰত সমীক্ষা চলোৱাৰ পিছত পোহৰলৈ আহিছে এই সত্য।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উচ্চ মাত্ৰাত ছডিয়াম (দিনত ২ গ্ৰামৰ কম ছডিয়াম গ্ৰহণ দিনত ৫ গ্ৰাম নিমখ খোৱাৰ সমান) গ্ৰহণ কৰিলে ৰক্তচাপৰ সম্ভাৱনা বাঢ়ে। এটা সময়ৰ পিছত এয়া হৃদৰোগ আৰু ষ্ট্ৰোকৰ দিশে লৈ যায়।অত্যধিক নিমখ খোৱা হৈছেনে নাই সেয়া বহুধৰণে বুজা যায়। ইয়াৰ ভিতৰত সাধাৰণ লক্ষণবোৰ হ’ল, শৰীৰত ফুলা ভাৱ, ৰক্তচাপ বৃদ্ধি, ঘনে ঘনে প্ৰস্ৰাৱ লগা, টোপনিত ব্যাঘাত জন্ম আৰু দুৰ্বলতা।