Local, Vocal, Global

মণিপুৰ ভূমিস্খলনৰ ৫টা দিনৰ অন্তত সন্ধান ওলাল অভিযন্তা কমলেশ তালুকদাৰৰ

নিউজ ডেক্স,৫ জুলাই : জুন মাহৰ ৩০ তাৰিখৰ দিনা নিশা প্ৰায় ১-২ মান বজাত সংঘটিত হোৱা মণিপুৰ ভূমিস্খলনৰ আজি ষষ্ঠটো দিন।
ভূমিস্খলনত নিখোজ হোৱা বহু লোকৰ বৰ্তমানেও ওলোৱা নাই কোনো সন্ধান। নিয়মিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRFৰ দলৰ।

উদ্ধাৰ কাৰ্যৰ বাবে প্ৰতিদিনেই সন্ধান ওলাই আছে বহু লোকৰ। তাৰেই মাজত কালি উদ্ধাৰ কৰা হয় গোলকগঞ্জৰ কমলেশ তালুকদাৰৰ মৃতদেহ ।


যোৱা কালি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তালুকদাৰৰ পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহ।

নিহত তালুকদাৰ ৰে’ল বিভাগৰ কনিষ্ঠ অভিযন্তা আছিল । গোলকগঞ্জৰ কালডোৱা দ্বিতীয় খণ্ড গাঁৱত ঘৰ কমলেশ তালুকদাৰৰ।


কমলেশ তালুকদাৰৰ মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।