আল্ট্ৰা ছাউণ্ডৰ অবিহনে কেনেকৈ কৰিব পাৰি ভ্ৰূণ পৰীক্ষা?

ভ্ৰূণ পৰীক্ষা এক অপৰাধ৷ কিন্তু তথাপিতো একাংশই আল্ট্ৰা ছাউণ্ডৰ জৰিয়তে গৰ্ভধাৰণ কৰাৰ পিছতে লিংগ নিৰ্ধাৰণ কৰি আহিছে৷ উন্নতিৰ জখলাত দোকপদোপে উন্নতি কৰা ৰাজ্য ঝাৰখণ্ডত চলি আহিছে এক আচৰিত পৰম্পৰা৷ ঝাৰখণ্ডৰ লোহৰদগাৰ খুখৰা গাঁৱত আছে এই বিশেষ পৰম্পৰা৷ গাঁওখনৰ নিচেই কাষতে আছে এখন বিশেষ পাহাৰ৷ যিখন পাহাৰত গৰ্ভধাৰণ কৰা শিশু ল’ৰা নে ছোৱালী বিনা খৰচে নিৰ্ধাৰণ কৰিব পাৰি৷ নাগবংশী ৰজা শাসনৰ পূৰ্বৰে পৰা চলি আহিছে এই বিশেষ পৰম্পৰা৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি ৪০০ বছৰৰ পৰাই এই বিশেষ পাহাৰখনে ভৱিষ্যতৰ কথা প্ৰকাশ কৰি আহিছে৷
কিন্তু পাহাৰত কেনেকৈ কৰিব পাৰি ভ্ৰূণ পৰীক্ষা?
লোকমত অনুসৰি পাহাৰখনত চন্দ্ৰৰ দৰে এটি বিশেষ অংশ আছে৷ আৰু সেই স্থানত গৰ্ভধাৰণ কৰা মহিলাই শিল দলিয়াই সন্তানৰ লিংগৰ বিষয়ে জানিব পাৰি৷ গৰ্ভৱতী মহিলাই এক নিৰ্দ্দষ্ট দূৰৈৰ পৰাই পাহাৰখনৰ চন্দ্ৰ সদৃশ সেই বিশেষ স্থানলৈ শিল দলিয়ায়৷
কিন্তু কেনেকৈ লাভ কৰে ফলাফল?
ফলাফল লাভ কৰিবলৈ মানি আহিছে এক বিশেষ সেই ৰীতি বা নিয়ম অনুসৰি যদি দলিওৱা শিলটো চন্দ্ৰ সদৃশ স্থানত লাগে তেন্তে গৰ্ভত থকা সন্তানটি ল’ৰা৷ আৰু যদি শিলটো চন্দ্ৰ সদৃশ স্থানৰ বাহিৰত লাগে তেন্তে গৰ্ভত থকা সন্তানটি ছোৱালী৷
কিন্তু ভ্ৰূণ নিৰ্ধাৰণৰ বহুতো নিষেধাজ্ঞা থকাৰ পিছতো বৰ্তমানেও চলি আহিছে এই পৰম্পৰা৷ উল্লেখ্য যে স্থানীয় লোকে সেই বিশেষ পাহাৰখনক বহুত শ্ৰদ্ধা আৰু সন্মানো কৰি আহিছে৷