সোণোৱাল কছাৰী জনগোষ্ঠীৰ ২০২ কৃতী শিক্ষাৰ্থীক প্ৰতিভা বঁটা

নিউজ ডেস্ক: সোণোৱাল কছাৰী জনগোষ্ঠীৰ মেধা ছাত্ৰ-ছাত্ৰীক আজি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে প্ৰদান কৰে প্ৰতিভা বঁটা। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ ২০১৪ চনৰ পৰা প্ৰদান কৰি অহা হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা প্ৰদান কৰা হয় ডিব্ৰুগড় চহৰস্থিত পৰিষদৰ কাৰ্যালয়ত৷ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ উপস্থিতিত ২০২গৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে হেৰম্ব নাথ বড়া উচ্চ শিক্ষা প্ৰতিভা বঁটা প্ৰদান কৰা হয়। প্ৰতিগৰাকী শিক্ষাৰ্থীক এককালীন ২০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। উচ্চ শিক্ষা বা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ উৎসাহ জনোৱাৰ উদ্দেশ্য পৰিষদে এই বঁটা প্ৰদান কৰা বুলি প্ৰকাশ। অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, শিক্ষা বিভাগৰ কাৰ্যবাহী খনীন্দ্ৰ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক যুটীয়া পঞ্জীয়ক ড০ বিনোদ বড়া উপস্থিত থাকে। ২০১৪ চনৰ পৰা পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত এই আঁচনিৰ অধীনত সোনোৱাল জনগোষ্ঠীৰ কৃতী শিক্ষাৰ্থীসকললৈ জলপানি প্ৰদান কৰি আহিছে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে।