Local, Vocal, Global

নগাঁৱত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ কল্যাণ দিৱস উদযাপন

নিউজ ডেস্ক: আজি নেহেৰু যুৱ কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত যুৱ কল্যাণ দিৱস উদযাপন কৰা হয়৷ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰ নগাঁও আৰু গ্ৰাম বিকাশ পৰিষদ নগাঁৱৰ সহযোগত জিলা পৰ্যায়ত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতা। নগাঁও এলফিনিষ্ট’ন সভাগৃহত শনিবাৰে পুৱাৰে পৰা অনুষ্ঠিত প্ৰতিযোগিতাত ছটাকৈ ইভেণ্টত অনুষ্ঠিত হয় প্ৰতিযোগিতাসমূহ৷ শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত বিভিন্ন স্থান লাভ কৰা প্ৰতিযোগিসকলক বেংকযোগে ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ আজিৰ প্ৰতিযোগিতাত স্থানলাভ কৰাসকলে আগন্তুক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত নগাঁও জিলা দলৰ হৈ অংশগ্ৰহণ কৰিব৷
নগাঁও দলৰ হৈ নিৰ্বাচিত হোৱা প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰিবলৈ আয়োজন কৰা মুকলি সভাত উপস্থিত থাকে নেহেৰু যুৱ কেন্দ্ৰৰ ডেপুটি ডাইৰেক্টৰ প্ৰমথেচ চক্ৰৱৰ্তী, প্ৰাক্তন বিধায়ক ডা০ দুৰ্লভ চমুৱা, অতিৰিক্ত উপায়ুক্ত বিজীতা ডেকা, গ্ৰাম বিকাশ পৰিষদৰ পৰিচালক চিৰাজউদ্দিন আহমেদ৷