Local, Vocal, Global

গায়কৰ অৱতাৰত বিধায়ক ৰমাকান্ত !

নিউজ ডেস্ক: বিধায়ক ৰমাকান্ত দেউৰীক আপুনি নিশ্চয় ৰাজনৈতিক ভাষণ দিয়া দেখিছে। এইবাৰ ৰাজনীতিৰ বাবে নহয়, বিধায়ক ৰমাকান্ত দেউৰী চৰ্চালৈ আহিছে এক নতুন অৱতাৰৰ বাবে। বিধায়ক ৰমাকান্ত দেউৰীৰ এটা গান কৰণা ভাইৰাচৰ দৰে বিয়পি পৰিছে সামাজিক মাধ্যমত।

গানটো শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনে

এজনে লিখিছে, গানটোৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ

এজন আকৌ এখোপ চৰা, তেওঁৰ মতে গুৱাহাটীৰ নলা আৰু ৰমাকান্তৰ গলা একেই

এজন ফেচবুকীয়াৰ হেনো কিডনী চুই গল গানটোৱে

এগৰাকী নেটিজেনৰ চৰকাৰলৈ আহ্বান, এনে প্ৰতিভা কলিতে নষ্ট নকৰিব। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ ব্যৱস্থা কৰক।

ৰমাকান্ত দেউৰীৰ গান শুনাৰ পাছত তেওঁৰ ফোন নম্বৰ বিচাৰিলে এগৰাকী নেটিজেনে, এইবাৰ বিহুত তেখেতক মাতিব বোলে গান গাবলৈ

বিধায়ক ৰমাকান্ত দেউৰীৰ গান শুনি কেনে লাগিল আপোনাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব

News desk report, MyNewsNE