প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পিছত এইবাৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। বৃহস্পতিবাৰে নিশা হঠাত্ অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। নিশাই ততাতৈয়াকৈ চিকিত্সালয়ত ভৰ্তি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। সম্প্ৰতি ডাউন টাউন হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে প্ৰফুল্ল কুমাৰ মহন্ত।
প্ৰাপ্ত খবৰ অনুসৰি স্নায়ুজনীত ৰোগত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ভাল খবৰ এয়ে যে বৰ্তমানলৈ মহন্তৰ দেহত কৰ’নাৰ কোনো লক্ষণ নাই। শুকুৰবাবে নিশা প্ৰায় ৮ বজাত প্ৰফুল্ল কুমাৰ মহন্তক হাস্পতালত ভৰ্তি কৰা হৈছিল।