Local, Vocal, Global

WATCH | Pradyut Bordoloi : নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ

নিউজ ডেস্ক,২৮এপ্ৰিল : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান তুংগত উঠিছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ । ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হৈছে অনাকাংশিত ঘটনা। পুনৰ ৰাজ্যত সংঘটিত হৈছে নেতাক আক্ৰমণৰ ঘটনা। এইবাৰ ধিঙত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। দেওবাৰে ধিঙত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ বলি হয় কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা।

আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল । বালিকটীয়াত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মহছিন খান আৰু বৰাৰ সৈতে আন এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ জেংগনী গাঁৱৰ অভিমুখে ৰাওনা হৈছিল প্ৰদ্যুৎ বৰদলৈ। সেই সময়তে ক’লা পোছাক পৰিহিত ১০-১২ জনীয়া মুখা পিন্ধা দুষ্কৃতিকাৰীৰ এটা দলে নিৰ্জন ঠাইত কনভয়টো ৰখাই আক্ৰমণ কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কনভয়ৰ ৫খনকৈ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে৷ মুখত ক’লা কাপোৰ বান্ধি ৰডেৰে আক্ৰমণ কৰাৰ অভিযোগ।আক্ৰমণত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োজন নেতাই।

এই আক্ৰমণত বৰদলৈ আৰু বৰাৰ পি এছ অ’ আহত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত সোলগুৰি থানাত এফআইআৰ দাখিল কৰিছে সাংসদগৰাকীয়ে। ইয়াৰ পাছতে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে চলাইছে অভিযান(Pradyut Bordoloi)।

পিছত ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে কয়, দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে গাড়ীৰ পৰা নামি নিজক বচাবলৈ পিছফালে লুকাইছিল। তেওঁলোকে লাঠি আৰু ৰডেৰে খুন্দা মাৰিবলৈ চেষ্টা কৰিছিল যদিও গাড়ীৰ পিছফালে লুকাই থকাৰ সময়তে সামান্য আঘাত পোৱা বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। এই ঘটনাক গৰিহণা দি বৰদলৈয়ে অভিযোগ কৰে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰিছে।