Local, Vocal, Global

মহানগৰৰ কেইবাটাও স্থানত ব্যাহত বিদ্যুৎ যোগান

নিউজ ডেস্ক, ১৬ জুন : বিগত ৩ দিন ধৰি ৰাজ্য়ৰ লগতে সমগ্ৰ উত্তৰ-পূৱত অব্যাহত থকা মুষলধাৰ বৰষুণ পৰিপেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত বানপানীৰ লগতে ভূমিস্খলনৰ সমস্যাই দেখা দিছে।

গুৱাহাটীৰ বিভিন্ন অঞ্চলত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত APDCLৰ ফটাশিল ESDৰ অধীনত অস্থায়ীভাৱে কেইবাটাও স্থানত বিদ্যুৎ যোগান ব্যাহত কৰিছে।

APDCLএ জনায় যে কৃত্ৰিম বানৰ হেতু অসমৰ বহু অঞ্চলত নিৰাপত্তাৰ বাবে বিদ্যুৎ সেৱা ব্যাহত ৰখা হৈছে। এনে সময়ত বৈদ্যুতিক দুৰ্ঘটনাৰ পৰা সাৱধান থাকিবলৈ ৰাইজলৈ অনুৰোধ জনায়। কৃত্ৰিম বানৰ পানীৰ পৰিমাণ কমিলে বিদ্যুৎ সেৱা পুনৰ বাহাল ৰখা হব বুলিও তেওঁলোকে জানিব দিয়ে।

ফটাশিল ESDৰ কাৰ্য্যালয়ৰ অধীনত বিদ্যুৎ যোগান ব্যাহত ৰখা অঞ্চলসমূহ হৈছে-

১. ভাস্কৰনগৰ

২. সুভাষপলী

৩. বৰষাপাৰা ষ্টেডিয়াম

৪. বিষ্ণুজ্যোতি পথ

৫. চিজুবাৰী মহজিদ পথ- বিষ্ণুজ্যোতি পথ

৬. চাহেব আলি পথ

৭. চিজুবাৰী চাৰিআলি ডিটিআৰ

৮. এছ.কে. বৰুৱা ৰোড

৯. নতুন পথ এলটি শাখা।