১০-১৫ দিনৰ ভিতৰতেই নোহোৱা হব বিদ্য়ুতৰ নাটনি মন্তব্য় শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

নিউজ ডেক্স ,১৭জুলাই : প্ৰচণ্ড গৰমত সঘনে বিদ্যুৎ কৰ্তনত অতিষ্ঠ সাধাৰণ জনতা। বিগত কিছুদিন ধৰি বিদ্যুতৰ লুকাভাকুৱে জলাকলা খুৱাইছে ৰাইজক।
প্ৰচণ্ড গৰম, তাতে আকৌ ঘনে ঘনে বিদ্যুৎ কৰ্তন। বিভিন্ন স্থানত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰ্তন কৰা হৈছে বিদ্যুৎ।
২৪ ঘণ্টাত ২৪ বাৰতকৈও অধিক কৰ্তন কৰা হয় বিদ্যুৎ। ইয়াৰ মাজতে আজি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই মন্তব্য় প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে, অনাগত ১০-১৫ দিনৰ ভিতৰতেই ৰাজ্যত দূৰ হব বিদ্য়ুতৰ সকলো নাটনি।
বিদ্যুতৰ সকলো সমস্যা পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি মন্তব্য় কৰে শক্তি মন্ত্ৰী গৰাকীয়ে।
পিছে এনে ধৰনৰ প্ৰতিশ্ৰুতি চৰকাৰে আগতেও দিছিল, পালন হে কৰিব পৰা নাই। এইবাৰো শক্তি মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে, বিদ্যুতৰ সমস্যা দূৰ কৰিব কিন্তু প্ৰতিশ্ৰুতি কিমানদূৰ বাস্তৱায়িত হয়, সেয়া হ’ব লক্ষণীয় বুলি মন্তব্য় প্ৰকাশ একাংশ জনতাৰ।