Local, Vocal, Global

Postmortem report reveals: জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষা কৰি কি পালে চিকিৎসকে ?

নিউজ ডেস্ক, ১৯ মে’ : ইতিমধ্যে ওলালে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন (Postmortem report reveals) । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা বিৱৰণ অনুসৰি জোনমণিয়ে মূৰৰ পিছফালে আঘাত পাইছিল । এই আঘাতৰ ফলত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদক্ৰিয়া বন্ধ হোৱাৰ বাবেই জোনমণিৰ মৃত্যু হয় (Brain hemorrhage and cardiac arrest)। ইয়াৰ লগতে শৰীৰৰ অন্যান্য ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে । তাৰোপৰি শৰীৰৰ বিভিন্ন ঠাইত হাড় ভাঙি থকা পোৱা গৈছে । এই প্ৰতিবেদনখনত উল্লেখ থকা বিৱৰণ চাই ধাৰণা কৰিব পাৰি যে, এয়া এক পৰিকল্পিত নৃশংস হত্যাকাণ্ড হ’ব পাৰে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ কোনো মন্তব্য দিয়া পৰিলক্ষিত হোৱা নাই ।

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

এই মূহুৰ্তত সকলোৰে মনলৈ আহিব লগা প্ৰশ্নটো হৈছে, ভয়াৱহ পথ দুৰ্ঘটনাত নিহত জোনমণিয়ে মূৰৰ পিচফালে আঘাত পালে কেনেকৈ ? যিহেতু বাহন দুখনৰ মুখামূখী সংঘৰ্ষ হৈছিল, তেনে ক্ষেত্ৰত সন্মুখৰ ফালে আঘাতপ্ৰাপ্ত নহৈ মূৰৰ পিচফালে আঘাত পালে কেনেকৈ ? এনে ধৰণৰ বিভিন্ন প্ৰশ্নই এতিয়া সকলোৰে মাজত সন্দেহৰ সৃষ্টি কৰিছে ।

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰকাশ কৰে যে, পৰিয়াল সন্তুষ্ট নহ’লে জোনমণিৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ কৰিব । “সঁচাকৈয়ে তেওঁৰ মৃত্যুত যদি কাৰোবাৰ হাত আছে তেন্তে সেই কথা পোহৰলৈ আহিব লাগে (Junmoni Rabha mysterious deth)৷ যদি পৰিয়ালে কোনো কাৰণত চিআইডিৰ তদন্তত সন্তুষ্ট নহয় মই পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিম”- আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য প্ৰকাশ কৰে (CM on Junmoni Rabha death)৷

উল্লেখ্য যে, যোৱা 16 মে’ৰ নিশা জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈ মৃত অৱস্থাত তেওঁৰ নিজা বাহনৰ ভিতৰত উদ্ধাৰ হৈছিল নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃতদেহ ৷ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই জোনমণিৰ পৰিয়ালৰ লোকে ৷ সমগ্ৰ ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ডৰ আখ্যা দিছে জোনমণিৰ পৰিয়ালে ৷

এই ঘটনাই সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ লগতে সৰ্বত্ৰে তীব্ৰ চৰ্চা হোৱাৰ পিছতে মঙলবাৰে এই ৰহস্যজনক ঘটনাটোৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই অনুসৰি বুধবাৰে আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰু লখিমপুৰত পৃথকে পৃথকে উপস্থিত হৈছেগৈ চি আই ডিৰ তদন্তকাৰী দল (CID probe into Junmoni Rabha death)৷ ইতিমধ্যে বৃহস্পিতবাৰে নগাঁৱৰ আৰক্ষীৰ অতিথিশালাত হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া আভাজ্যোতি ৰাভা, মৰিকলং থানাৰ 5 গৰাকী কনিষ্টবল আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, আৰক্ষী অধীক্ষক লীনা দ’লে, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা মনোজ বৰুৱাকে আদি কৰি বহুকেইগৰাকী আৰক্ষীৰ বিষয়া জোৱানক জেৰা অব্যাহত ৰাখিছে ৷

আনহাতে এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, CIDৰ দলক ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে (GP Singh reacts on SI Junmoni Rabha death) ৷ CIDৰ ADGP গৰাকীয়ে জনোৱা অনুসৰি লখিমপুৰ আৰু নগাঁৱত CID ৰ দল পৃথকে পৃথকে উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ সেয়েহে এই সময়ত কিবা এটা কৈ দিয়াটো উচিত নহ’ব ৷ CID ৰ অনুসন্ধানকাৰী দলক সম্পূৰ্ণ মুকলিকৈ ঘটনাৰ তদন্ত কৰিবলৈ দিয়া হৈছে ৷

লগতে পঢ়ক: Junmoni rabha death: প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই অধিক ৰহস্যৰ আৱৰ্তত ৰাখিছে জোনমণিৰ মৃত্যুক