Local, Vocal, Global

হাবিত বসবাস কৰা দুৰ্ভগীয়া ঘাতমাউৰা শিশুকেইটাক উদ্ধাৰ

নিউজ ডেস্ক: হাবিত বসবাস কৰা দুৰ্ভগীয়া ঘাতমাউৰা শিশুকেইটাক উদ্ধাৰ কৰিলে সোণাৰি আৰক্ষীয়ে৷ সাংবাদমাধ্যমত বাতৰি প্ৰকাশৰ পাছতে ঘাটমাউৰা শিশুকেইটাক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ সোণাৰিৰ শিঙৰিতলী গাঁঁৱৰ তিনি ঘাটমাউৰা শিশুৰ দুৰ্বিসহ জীৱন কাহিনী সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰে সোণাৰি আৰক্ষী। সোণাৰি আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ সহযোগত তিনি শিশুক উদ্ধাৰ কৰি পুনৰ সংস্থাপণৰ ব্যৱস্থা কৰে। বাতিৰি প্ৰচাৰিতৰ পাছতে সোণাৰি আৰক্ষীৰ দল শিংৰিতলী গাঁৱত উপস্থিত হৈ দুই ভাতৃক উদ্ধাৰ কৰে৷ আনহাতে চাৰি বছৰীয়া কন্যাগৰাকীক এটা পৰিয়ালে আকোৱালি লয়৷ সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰা শিশু দুটিক চৰাইদেউ জিলা শিশু কল্যাণ সমিতিৰ কাৰ্যালয় যোগে শিৱসাগৰৰ প্ৰজ্ঞালয় নামৰ শিশু গৃহত ৰখাৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে হাবিত হাউলি পৰা এটা ঘৰত বাস কৰিছিল তিনি দুৰ্ভগীয়া শিশুৱে৷ ঘৰটোত নাছিল এখন বিছনা৷ অন্ন-বস্ত্ৰ নাছিল৷ সোণাৰিৰ শিঙৰিতলী গাঁৱৰ তিনি ঘাতমাউৰা শিশুৰ চাৰি বছৰ পূৰ্বে ৰূপালী মুণ্ডাই মৃত্যুক আকোৱালি লয়৷ মাতৃৰ মৃত্যুৰ পাছত পিতৃ ভয়টা মুণ্ডাই দিন হাজিৰা কৰি তুলি-তালি ডাঙৰ কৰিছিল তিনি সন্তানক। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত ২৯ আগষ্টত আততায়ীৰ আক্ৰমণত ভয়টা মুণ্ডাৰ মৃত্যু হয়৷ পিতৃ-মাতৃৰ মৃত্যুৰ ফলত তিনি ঘাতমাউৰা কণ কণ শিশুৱে হাহাকাৰ কৰিবলগীয়া হৈছিল।