Local, Vocal, Global

পৰিচয় উদ্ধাৰঃ চাউল কেলেংকাৰীত জড়িত চাহাজাহান-আবুল হোসেন বিপিএফ নেতা

নিউজ ডেস্ক: চাউল কেলেংকাৰীত জড়িত দুই বিপিএফ নেতা৷ চৰকাৰী সুলভ মূল্যৰ চাউল ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেৰে পশ্চিমবংগত বিক্ৰীৰ চিণ্ডিকেট চলায় বিপিএফ নেতা সাহাজাহান সৰকাৰ আৰু আবুল হোসেনে৷ শিমুলটাপু আৰক্ষীয়ে শ্ৰীৰামপুৰত PDSৰ চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছতে সাহাজাহান সৰকাৰ আৰু আবুল হোসেনৰ ক’লা সাম্ৰাজ্যৰ অধ্যায় পোহৰলৈ আহে৷ কোকৰাঝাৰ-ধুবুৰী সীমান্তৰ বগৰীবাৰী সৰকাৰ চাউল মিলৰ পৰা শ্ৰীৰামপুৰ গেটেৰে পশ্চিম বংগৰ বাৰোবিশালৈ চাউল সৰবৰাহ কৰি আহিছে সাহাজাহান সৰকাৰ আৰু আবুল হোসেনে৷ শিমুলটাপু আৰক্ষীয়ে WB 69A -5733 নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ পাছতে চাউল কেলেংকাৰী নায়ক যে সাহাজাহান সৰকাৰ আৰু আবুল হোসেন সেয়া কথা স্পষ্ট হয়৷ সৰকাৰ চাউল মিলৰ সত্ৰাধিকাৰী ক্ৰমে সাহাজাহান সৰকাৰ আৰু আবুল হোসেনে চৰকাৰী PDS চাউলৰ বস্তা সলনি কৰি আন বস্তাত ভৰাই চাউলৰ ক’লা বেহা চলাই আহিছে৷ চাউল পশ্চিমবংগৰ বাৰোবিশাৰ মাফিয়া গকুল দেৰ ওচৰত বিক্ৰী কৰে৷ জব্দকৃত চাউল ভৰ্তি ট্ৰাকৰ চালক মনোজ চৰকাৰে সকলো কথা স্বীকাৰ কৰিছে৷ শেহতীয়াকৈ তথা মতে, দুই চাউল চিণ্ডিকেটৰ মাফিয়া হৈছে বিপিএফৰ নেতা৷ গৌৰীপুৰৰ পৰ্বতঝোৰাৰ দুই বিপিএফ নেতাৰ নাম চিণ্ডিকেটত জড়িত থকাৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চাউলৰ মাফিয়াৰ সৈতে বিটিচিৰ প্ৰধান বিৰোধী দল বিপিএফ দলৰ নেতাৰ নাম সাঙোৰ খাই পৰাত গৰম হৈছে ৰাজনীতি৷ মাফিয়া আবুল হোসেন গৌৰীপুৰৰ জালাবিলা ভিচিডিচিৰ প্ৰাক্তন অধ্যক্ষ৷ মাফিয়া চাহজাহান সৰকাৰ বিপিএফৰ বগৰীবাৰী সংখ্যালঘূ কোষৰ সাধাৰণ সম্পাদক৷ এই খবৰে গৌৰীপুৰৰ বগৰীবাৰী আৰু পৰ্বতঝোৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দুগৰাকী নেতাই চাউল কেলেংকাৰীত জড়িত হোৱাৰ পাছতে একাংশ লোকে দুই নেতাক বচাবলৈ উঠিপৰি লাগিছে৷ চাউল কেলেংকাৰীত জড়িত বিপিএফ নেতাৰ হৈ ওকালতি কৰা দেখা গৈছে৷