Local, Vocal, Global

বিজেপিৰ উন্নয়নৰ শ্ল’গানক ভেঙুচালি কৰিছে এইটো পথে

নিউজ ডেস্ক: অসমত এতিয়া উন্নয়নে উন্নয়ন৷ বিজেপিয়ে নেতা-কৰ্মীয়ে সুবিধা পালেই উন্নয়নৰ কথাকেই কয়৷ কিন্তু এয়া কি? বিজেপিৰ উন্নয়নৰ শ্ল’গানক ভেঙুচালি কৰিছে এইটো পথে৷ বিজেপিৰ উন্নয়নৰ দিনত পথ আৰু পথাৰ একাকাৰ হৈ পৰিছে৷ এইটো হৈছে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ নাম্বাৰপাৰা-চলাকুৰা গড়কাপ্তানি পথ৷ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ নাম্বাৰপাৰা-চলাকুৰা গ্ৰাম্য পথে এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক৷ এজাক বৰষুণতে একাঠু পৰ্যন্ত বোকা হয় গড়কাপ্তানি পথটোত। অতিকৈ গুৰুত্বপূৰ্ণ নাম্বাৰপাৰা-চলাকুৰা গড়কাপ্তানি পথেৰে প্ৰতিদিনে যাতায়ত কৰে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। কিন্তু পথটোত খোজকাঢ়িব পৰা পৰিবেশ নাই৷ স্বাধীনতাৰ পাছৰে পৰা পথটোৰ বাবে যমৰ-যাতনা ভূগি আহিছে নাম্বাৰপাৰা, চলাকুৰাৰ ৰাইজে। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক ৰাস্তাটো মেৰামতি কৰিবলৈ আহ্বান জনোৱাৰ পাছতো
গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷