Poll Body Issues Notification For First Phase Of Lok Sabha Elections : লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি;বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা

নিউজ ডেস্ক, ২০মাৰ্চ : লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা(Poll Body Issues Notification For First Phase Of Lok Sabha Elections) ৷
এই অধিসূচনা অনুসৰি, বিহাৰৰ বাবে মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিম দিন হ’ব ২৮ মাৰ্চ আৰু অসম, অৰুণাচল প্ৰদেশ,মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ’ব ২৭ মাৰ্চ ৷
লগতে অধিসূচনাত কোৱা হৈছে যে বিহাৰৰ মনোনয়ন পত্ৰবোৰৰ তদাৰক কৰা হ’ব ৩০ মাৰ্চ আৰু বাকীবোৰৰ বাবে ২৮ মাৰ্চ ।
ভাৰতীয় নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি ২ এপ্ৰিলত বিহাৰ আৰু ৩০ মাৰ্চত অৰুণাচল প্ৰদেশ, অসম,মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, ছত্তীশগড়, মধ্যপ্ৰদেশ, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন( EC of India issues notification for first phase of polls) ।
প্ৰথম পৰ্যায়ত ১৭ খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ খন লোকসভা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত তামিলনাডুৰ ৩৯ খন, ৰাজস্থানৰ ১২ খন, উত্তৰ প্ৰদেশৰ ৮ খন আৰু মধ্যপ্ৰদেশৰ ৬ খন আসনত ভোটগ্ৰহণ হ’ব।
ইয়াৰ সমান্তৰালকৈ উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ পাঁচখন আসন, বিহাৰৰ চাৰিখন আসন, পশ্চিম বংগৰ তিনিখন আসন, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়ৰ দুখন আসন আৰু ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এখন আসন, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব( Gazette notification released for phase 1 polling) ।