Local, Vocal, Global

politics notice issued for no confidence motion against bihar assembly speaker awadh bihari choudhary :বিহাৰ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী জাৰি

নিউজ ডেস্ক, ২৯ জানুৱাৰী : বিহাৰ বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী জাৰি । বিজেপি বিধায়ক নন্দ কিশোৰ যাদৱে বিধানসভা সচিবক অনাস্থা প্ৰস্তাৱৰ জাননী প্ৰদান কৰিছে(politics notice issued for no confidence motion against bihar assembly speaker awadh bihari choudhary) ।

উল্লেখ্য যে , পুনৰ নীতিশ কুমাৰৰ নেতৃত্বত এবাৰ নতুন চৰকাৰ গঠন হোৱাৰ সময়তে বিজেপি বিধায়ক নন্দ কিশোৰ যাদৱে বিহাৰ বিধানসভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী জাৰি কৰে । বিজেপি বিধায়ক নন্দ কিশোৰ যাদৱৰ এই জাননী প্ৰদানৰ পিছতে বিধানসভাৰ অধিবেশন আৰম্ভ হ’লে তেওঁক আঁতৰোৱাৰ প্ৰক্ৰিয়া চলিব(Bihar CM Nitish Kumar’s First Action After Joining BJP-No-Confidence Motion Against Speaker) ।

অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে জাৰী কৰা জাননীত স্পষ্টকৈ কোৱা হৈছে যে নতুন চৰকাৰ শাসনলৈ অহাৰ পিচত, এই সদনৰ বৰ্তমানৰ অধ্যক্ষৰ ওপৰত কোনো বিশ্বাস নাই । প্ৰস্তাৱটোত জিতন ৰাম মাঁঝি, টাৰ্কিশোৰ প্ৰসাদ আৰু জেডি(ইউ)ৰ বিধায়ক বিনয় কুমাৰ চৌধুৰীয়েও স্বাক্ষৰ কৰিছে । যদি অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীয়ে নিজে পদত্যাগ নকৰে, তেন্তে ভোটদানৰ জৰিয়তে তেওঁক পদৰ পৰা আতঁৰোৱাৰ প্ৰক্ৰিয়া চলিব ।

প্ৰকৃততে, অৱধ বিহাৰী চৌধুৰীয়ে আৰজেডিৰ টিকটত নিৰ্বাচনত জয়ী হৈছিল আৰু মহাজোঁট চৰকাৰ গঠনৰ পিচত আৰজেডি কোটাৰ পৰা অধ্যক্ষ হৈছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু এন ডি এয়ে অনুভৱ কৰে যে যদি তেওঁ এই পদত থাকে তেন্তে নতুন চৰকাৰৰ বাবে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাটো কঠিন হ’ব পাৰে । ইফালে আৰজেডিয়ে নিৰন্তৰ দাবী কৰি আছে যে জেডিইউ দলৰ মাজত বিভেদ আহিব আৰু খেল চলিব । এনে পৰিস্থিতিত, নীতিশ চৰকাৰে অৱধ বিহাৰী চৌধুৰীৰ স্থানত আন এজনক অধ্যক্ষ হিচাপে বিচাৰে ।

লগতে পঢ়ক : Bihar Chief Minister Nitish Kumar Resigns : উৎকণ্ঠাৰ অন্ত পৰিল; ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ