Local, Vocal, Global

Political violence rocks Dima Hasao ahead of hill council polls : চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : নিৰ্দলীয় প্ৰাৰ্থীৰ কৰ্মীক আক্ৰমণ দুৰ্বৃত্তৰ । চেমখৰত সংঘটিত হৈছে এই ঘটনাটো ।

সোমবাৰে নিশা চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মীৰ বাহন আৰু মটৰ চাইকেলত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ তাৰ মাজতে সংঘটিত হৈছে ৰাজনৈতিক হিংসা( Election Violence Incident in Dima Hasao District) ৷

অভিযোগ অনুসৰি, চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ আক্ৰমণৰ ফলত ৰিডেন হাফলংবাৰ আৰু প্ৰকাশ ফংলো আহত হৈছে বুলি জানিব পৰা গৈছে ৷ আহত দুয়োজনকে মাইবাং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মাইবাঙৰ পৰা আৰক্ষীৰ ঘটনাস্থলীলৈ ৰাওনা হয়(Political Violence Rocks Dima Hasao Ahead of Hill Council Polls) ৷

চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰানু লাংথাচাৰ বাসগৃহত পূজা চলি আছিল ৷ সেই সময়তে দুৰ্বৃত্তই নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মীক আক্ৰমণ চলায় বুলি উল্লেখ কৰে হিৰোজিতে ৷

ঘটনাৰ সন্দৰ্ভত তেওঁ কয় যে , ‘‘চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ ঘৰত যেতিয়া পূজা চলি আছিল তেতিয়া ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন সদস্যই প্ৰদাও আৰু ৰিংমাও বড়ো ফুলন ফংলোই মোৰ কৰ্মীসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ এনে ঘটনা নিন্দনীয় ৷’’

আনহাতে উক্ত ঘটনাৰ লগত জড়িত লোকক আটক কৰাৰ লগতে চেমখৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰানু লাংথাচাক গৃহবন্দী কৰি ৰখাৰ দাবী জনায় নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিতে ৷ যদিহে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়নী প্ৰদান কৰে চেমখৰ সমষ্টিৰ নিৰ্দল প্ৰাৰ্থী হিৰোজিত জিডোঙে ৷

লগতে পঢ়ক : Female Software Engineer Chained, Burnt Alive : হাত-ভৰি বান্ধি ব্লেডেৰে কাটি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা প্ৰেমিকাক