Local, Vocal, Global

জীৱন্তে উদ্ধাৰ ২০০৪ তেই ছুনামিত নিখোজ ইণ্ডোনেছিয়াৰ এজন আৰক্ষী বিষয়া

২০০৪ চনত ইণ্ডোনেছিয়াৰ ছুনামিৰ পিছত মৃত বুলি ঘোষণা কৰা এজন আৰক্ষী বিষয়াক জীৱিত বুলি সন্ধান পোৱা গৈছে।

তেওঁৰ পৰিয়ালে জনোৱা মতে, ২০০৪ চনত বক্সিং দিৱসত ইণ্ডোনেছিয়াত অহা ভাৰত মহাসাগৰৰ ভয়ংকৰ ছুনামিৰ সময়ত আবৰিপ এচেপ নামৰ আৰক্ষী বিষয়াজন কৰ্তব্যত আছিল।

২০০৪ চনত দক্ষিণ-পূব এছিয়াত ১০০ ফুট উচ্চতালৈ ঢৌ উঠি যোৱাৰ পাছত ২,৩০,০০০ তকৈও অধিক লোকৰ  নিহত হৈছিল।  নিহত হোৱা লোকসকলৰ ভিতৰত ইণ্ডোনেছিয়াৰ আৰক্ষী বিষয়াজনো আছিল বুলি আত্মীয় স্বজনৰ হৃদয় ভাগি পৰিছিল। কিন্তু ভাগ্যৰ বলত আৰক্ষী বিষয়াজন পুনৰ উদ্ধাৰ হয়। স্থানীয় সংবাদ মাধ্যমৰ মতে, প্ৰায় ডেৰ দশকৰ পিছত এছেপক পোৱা গৈছে আৰু তেওঁক পৰিয়ালৰ লোকৰ সৈতে পুনৰ একত্ৰিত কৰা হৈছে। এছেপক পৰিয়ালৰবৰ্গই উভতাই পাইছে যদিও এছেপে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ৷