Police station attacked in Meghalaya: মেঘালয়ত দুৰ্বৃত্তৰ থানা আক্ৰমণ, জ্বলাই দিলে বাহন
নেশ্যনেল ডেস্ক,৭ জুলাই: বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই শ্বিলঙৰ লাইতুমখ্ৰা আৰক্ষী থানাত আক্ৰমণ কৰাৰ লগতে থানা চৌহদৰ ভিতৰত ৰখাই থোৱা তিনিখন বাহন জ্বলাই দিয়ে (Police station in Shillong attacked) । অভিযোগ অনুসৰি, দুটা ফৈদৰ মাজত হোৱা কাজিয়াক লৈ গোচৰ দিবলৈ বুলি আৰক্ষী থানাত উপস্থিত হৈছিল দুয়োটা ফৈদৰে একাংশ লোক । কিন্তু থানালৈ অহা লোকসকলৰ পৰা আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই এই ঘটনাটো সংঘটিত হ’বলৈ পালে ।
এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে নিশা দুটা ফৈদে কাজিয়াত লিপ্ত হৈ পৰৱৰ্তী সময়ত লাইতুমখ্ৰা আৰক্ষী থানাত উপস্থিত হৈছিল (Incident occurred at Laitumkhrah police station) । ইয়াৰ পিছতে থানাত সমবেত হোৱা লোকসকলে অভিযোগ পঞ্জীয়ন কৰাক লৈ আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল (People got involved in heated exchange of words) ।
ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটিংগাৰে (East Khasi Hills SP Sylvester Nongtynger) সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়া অনুসৰি, “আৰক্ষী থানাৰ বাহিৰত সমবেত হোৱা এদল অচিনাক্ত লোকে থানালৈ শিল নিক্ষেপ কৰাৰ লগতে চৌহদৰ ভিতৰত ৰখাই থোৱা তিনিখন বাহন আৰু এখন মটৰচাইকেল জ্বলাই পৰিস্থিতি অধিক হিংসাত্মক কৰি তুলে।” এই ঘটনাক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰাৰ লগতে কাজিয়াত লিপ্ত হোৱা ফৈদ দুটাৰ মাজৰ এটা পক্ষইও গোচৰ ৰুজু কৰিছে ।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰিলে যে, দুই ফৈদৰ মাজত হোৱা কাজিয়াখন প্ৰথমে এটা সৰু ঘটনা হিচাপেই আৰম্ভ হৈছিল য’ত মাত্ৰ কেইজনমান লোকহে জড়িত আছিল (Police station attacked in Meghalaya)। ইতিমধ্যে ঘটনাটোক লৈ তদন্ত আৰম্ভ হৈছে । তেওঁ কলে, আৰক্ষী থানা আক্ৰমণৰ এই ঘটনাৰ লগত জড়িত সকলোৰে বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইফালে এই ঘটনাৰ পিছতেই স্থানীয় বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আম্পাৰেন লিংডোয়ে (Health Minister Ampareen Lyngdoh) আৰক্ষী অধীক্ষককে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে আৰক্ষী থানাখন পৰিদৰ্শন কৰে। থানা আক্ৰমণৰ এই ঘটনাক গৰিহণা দি লিংডোৱে কলে, সুৰাপানেই এই বিবাদৰ মূল কাৰণ আৰু ইয়াৰ বাবেই দুৰ্বৃত্তই আৰক্ষী থানাত শিল নিক্ষেপেৰে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে।