Rare Disease in Kerala: নাকেৰে শৰীৰত প্ৰৱেশ এমিবা বীজাণু , ৰোগৰ লক্ষণ ধৰা পৰাৰ আগতেই বিকল হয় মগজু

নেশ্যনেল ডেস্ক, ৮ জুলাই: কেৰালাৰ আলাপ্পুঝা জিলাৰ পানভাল্লী পূব মৈথাৰা নামৰ এটি অঞ্চলৰ বাসিন্দা আছিল ১৫ বছৰীয়া গুৰুদুথ। কেইদিনমান পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত এই ছাত্ৰজনে ঘৰৰ কাষৰে এটা পুখুৰীত গা ধুবলৈ গৈছিল । পুখুৰীটোত গা ধোৱাৰ পিছৰে পৰাই তেওঁৰ দেহত আৰম্ভ হয় বহুকেইটা শাৰীৰিক সমস্যা । প্ৰকৃততে পুত্ৰৰ শৰীৰত কেনে শাৰিৰীক সমস্যাই দেখা দিছে সেয়া তেওঁৰ দেউতাক অনিল কুমাৰ আৰু মাক শালিনী দেৱীয়ে ধৰিব পৰা নাছিল ।
অৱশেষত ডাক্তৰৰ কাষ চাপি পুত্ৰৰ বহুকেইটা পৰীক্ষা কৰাৰ অন্তত জানিব পাৰিলে যে, ল’ৰাজন এমিবিক মেনিনগো এনকেফেলাইটিছ নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈছে (Rare Disease in Kerala) । এই ৰোগবিধে লাহে লাহে ধ্বংস কৰি পেলাই মানুহৰ মগজুক (Amoeba travels up nose to brain) । পৰীক্ষাৰ ৰিপৰ্টবোৰ পোৱাৰ পাছতেই ততাতৈয়াকৈ আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি ল’ৰাজনৰ চিকিৎসা আৰম্ভ কৰা হয় । কিন্তু চিকিৎসকে তেওঁক বচাব নোৱাৰিলে । মগজুত বিৰল এমিবাৰ সংক্ৰমণ ঘটাৰ ফলত মৃত্যুক সাবতি ললে ১৫ বছৰীয়া গুৰুদুথে ।
চিকিৎসকে জানিব দিয়া অনুসৰি, অপৰিষ্কাৰ পানীত গা ধুৱাৰ ফলতেই গুৰুদুথে এই বিৰল ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছিল । প্ৰদূষিত পানী থকা স্থান যেনে পুখুৰী আদিৰ পানীত পোৱা যায় Naegleria fowleri নামৰ এক প্ৰকাৰৰ এমিবা । তেনে অপৰিষ্কাৰ পানীত গা অথবা মুখ ধুলে এই বীজাণু নাকেৰে শৰীৰত প্ৰৱেশ কৰি মগজুত ইয়াৰ সংক্ৰমণ ঘটে ।
কেৰালাৰ আলাপ্পুঝা জিলাত এই বিৰল ৰোগৰ ফলত মৃত্যু হোৱা এইটো দ্বিতীয়টো ঘটনা । ২০১৭ চনত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল এই ৰোগ । ছবছৰৰ পাছত পুনৰ এই ৰোগত আক্ৰান্ত হৈ এজন কিশোৰৰ মৃত্যু হয় । এই ধৰণৰ বেক্টেৰিয়া মূলতঃ, এমিবা প্ৰজাতিৰ যিটো পৰজীৱী প্ৰকৃতিৰ । লেতেৰা অৰ্থাৎ অপৰিষ্কাৰ পানীত মুক্তভাৱে বাস কৰে এইবিধ বেক্টেৰিয়াই ।
ফলত যেতিয়াই কোনো লোকে সেই ডুবি অথবা পুখুৰীত গা-মুখ ধুয়ে, তেতিয়াই এই বীজাবিধে নাকৰ পাতল ছালৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে । ইয়াৰ পিছতে শৰীৰত এনকেফেলাইটিছ ৰোগে দেখা দিয়ে, যাৰ বাবে মগজুত গুৰুতৰ প্ৰভাৱ পৰে। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল জ্বৰ, মূৰৰ বিষ, বমি আৰু মৃগী ৰোগ। সহজ ভাষাত ক’বলৈ গ’লে প্ৰাথমিক এমিবিক মেনিনগোএনকেফেলাইটিছ (Primary amebic meningoencephalitis) আচলতে Naegleria fowleri নামৰ এমিবাৰ দ্বাৰা সৃষ্ট মগজুৰ এক বিৰল সংক্ৰমণ।
এই বিৰল ৰোগৰ লক্ষণসমূহ এসপ্তাহৰ পৰা দুসপ্তাহৰ ভিতৰত দেখা দিয়ে । কেতিয়াবা দেখা দিয়া ইয়াৰ প্ৰথম লক্ষণ হ’ল, যিকোনো বস্তুৰ সোৱাদ অথবা গোন্ধ লোৱাত অসুবিধা হোৱা । পিছলৈ মূৰৰ বিষ, বমি, কেতিয়াবা অত্যধিক বমিও হ’ব পাৰে । এই লক্ষণসমূহ চাই প্ৰথমতে এই ৰোগৰ সম্ভাৱনীয়তাক অনুমান কৰাটো কঠিন হৈ পৰে, যি কাৰণে পলমকৈ চিকিৎসা আৰম্ভ কৰা পৰিলক্ষিত হয় ।
এই ৰোগবিধ যদিহে সঠিক সময়ত ধৰা পৰে তেন্তে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি । এই ৰোগত এম্ফোটেৰিচিন বি, এজিথ্ৰ’মাইচিন, ফ্লুক’নাজ’ল, ৰিফাম্পিন, মিল্টফ’চিন, ডেক্সামেথাছন আদি ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পাৰি । ইতিমধ্যে কেৰালাৰ আলাপ্পুজাৰ জিলা দণ্ডাধীশে এই ঘটনাৰ পাছতেই স্থানীয় বাসিন্দাসকলক শতৰ্ক কৰি দিছে । জিলা দণ্ডাধীশগৰাকীয়ে এক জাননীযোগে উল্লেখ কৰিছে যে, “দূষিত পানীত গা ধোৱা আৰু অপৰিষ্কাৰ পানীৰে মুখ ধোৱাটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰক । এনে পানী বিৰল ৰোগৰ অন্যতম কাৰণ।”
লগতে পঢ়ক: Incense smoke in dangerous : বন্ধ কোঠাত ধূপৰ ধোঁৱা চিগাৰেটতকৈও বিপদজনক