Local, Vocal, Global

manipur violence : পুনৰ মণিপুৰত গুলীচালনাৰ ঘটনা

নেশ্যনেল ডেস্ক, ৭জুলাই : অশান্ত মণিপুৰ। ৰাজ্যখনত যেন এতিয়াও প্ৰতি মুহূৰ্তত মৃত্যুৰ শংকা।হত্যা-হিংসাই যেন আগুৰি ধৰিছে মণিপুৰক ।বিগত ২৪ ঘন্টাত অশান্ত মণিপুৰ দুটাকৈ গুলীচালনাৰ ঘটনা।দুৰ্বত্তৰ গুলীচালনাত মৃত্যু দুগৰাকীকৈ যুৱক আৰু এগৰাকী মহিলা(manipur violence)

প্ৰাপ্ত তথ্য অনুসৰি আজি পুনৰ মণিপুৰত গুলীচালনা।শুকুৰবাৰে পুৱা মণিপুৰৰ বিচুৰাচান্দপুৰত দুৰ্বৃত্তৰ গুলীয়াগুলী (Manipur turmoil as fresh firing erupted in Churachandpur)।এই গুলীগুলীত ২জন লোক নিহত হোৱাৰ উপৰিও আহত হয় তিনিজন (two death three injured)।যাৰ ফলত অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি হয়। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১৭ কিলোমিটাৰ উত্তৰে অৱস্থিত লেইকিনথাবাই গাঁৱৰ সমীপত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃত্যুদেহ । জানিব পৰা মতে যুৱক দুজন ইৰেংবাম চিংখেইংগনবা(২৬) আৰু ছাগোলশ্বেম ঙানলেইবা(৩৩) ।

উল্লেখ্য যে,৬জুলাই অৰ্থা বৃহস্পতিবাৰে পশ্চিম ইম্ফল জিলাৰ ‘শিশু শান্তি নিকেতন’ নামৰ এখন বিদ্যালয়ৰ চৌহদৰ সমীপত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ অভিযোগ অনুসৰি মেইতেই অস্ত্ৰধাৰী যুৱক জড়িত আছিল এই গুলীচালনাৰ ঘটনাৰ লগত ৷

মণিপুৰৰ কিছুমান অঞ্চলত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাৰ বিপৰীতে বিগত ২৪ ঘণ্টাত বিক্ষিপ্তভাৱে গুলীচালনাৰ হোৱাৰ ফলত অশান্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে পাহাৰীয়া আৰু উপত্যকা জিলা উভয়ৰে দুৰ্বল অঞ্চলত অনুসন্ধান চলাইছে।

লগতে পঢ়ক : Woman Shot Dead In Manipur : স্কুলৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা