Local, Vocal, Global

কাজিৰঙাত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক,৮ এপ্ৰিলঃ কাজিৰঙাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় আৰক্ষীৰ গুলীচালনাৰ ঘটনা ৷ এখন ইন’ভালৈ লক্ষ্য কৰি তিনিজাঁইকৈ গুলী বৰ্ষন কৰে গোলাঘাট আৰক্ষীয়ে ৷ ইন’ভাখনত আছিল তিনি সন্দেহজনক আলফা সদস্য ৷

কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত এজন আলফা কেডাৰে ধনদাবী কৰিছিল ৷ ইয়াৰ পাছতেই গোলাঘাট জিলা আৰক্ষী অধীক্ষক শোণিত কুমাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷

আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা সময়তে আৰক্ষীৰ দলটোৱে ইন’ভাখনলৈ লক্ষ্য কৰি তিনিজাঁই গুলীচালনা কৰে ৷ গোলাঘাটৰ SP আৰু বোকাখাতৰ SDPOৰ নেতৃতত যুটীয়াভাৱে এই অভিযান চলিছিল৷

আৰক্ষীয়ে অভিযানৰ সময়ত আলফা কেডাৰ জনক আটক কৰাৰ লগতে AS 01 DZ 0231 নম্বৰৰ ইন’ভা গাড়ীখনো জব্দ কৰে । বৰ্তমান এই ঘটনা সন্দৰ্ভত গোলাঘাট আৰু বোকাখাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷