Local, Vocal, Global

আস্থাৰ ভোটৰ সন্মুখীন হ’ব লাগিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান

নিউজ ডেস্ক, ৮ এপ্ৰিল : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জীৱনলৈ আহিছে এক বিপৰ্যয় । আদালতৰ গোচৰত হাৰিল ইমৰাণ খান, যাৰ বাবে সন্মুখীন হ’ব লগা হৈছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী এই বিপৰ্যয়ৰ ।

পাকিস্তানৰ উচ্চতম ন্যায়লয়ে পাকিস্তানৰ সংসদৰ উপাধ্যক্ষই ইমৰাণ খানৰ বিৰুদ্ধে উথাপিত অনাস্থা প্ৰস্তাৱক অসংবিধানিক বুলি আখ্যা দিয়া প্ৰস্তাৱক অসংবিধানিক বুলি আখ্যা দিয়া প্ৰস্তাৱক খাৰিজ কৰে ।

জানিব পৰা মতে, পাকিস্তান ৰ উচ্চতম ন্যায়ালয়ে ৯ এপ্ৰিলত সংসদৰ পৰা অধিবেশন পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে লগতে অধিবেশনত আস্থাৰ ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

দেওবাৰে পাকিস্তান সংসদৰ উপাধ্যক্ষ কাছিম চুৰীয়ে ইমৰাণ খানৰ বিৰুদ্ধে উথাপিত অনাস্থা প্ৰস্তাৱক খাৰিজ কৰিছিল ।

উল্লেখযোগ্য যে, পাকিস্তানত থকা ৰাজনৈতিক বিপৰ্যয়ৰ মাজতে ইমৰাণ খানে পাকিস্তানৰ এই ৰাজনৈতিক অস্থিৰতাৰ কাৰণে বিদেশী শক্তিৰ হাত থকা বুলি মন্তব্য প্ৰকাশ কৰে ।

ইপিনে ৰাছিয়াৰ ফালৰ পৰাও ইমৰাণ খানে যুদ্ধৰ সময়ত ৰাছিয়া ভ্ৰমণ কৰাৰ বাবেই আমেৰিকাই পাকিস্তানক কেন্দ্ৰ কৰি লৈছে বুলি কয় ।

আনহাতে , পাকিস্তানৰ ৰাজনৈতিক সংকট সম্পৰ্কে কৰা প্ৰশ্নৰ উওৰত ভাৰতে পাকিস্তানৰ ৰাজনৈতিক পৰিবেশ সম্পৰ্কে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই জানিব পৰা যায় ।