Local, Vocal, Global

আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা

নিউজ ডেস্ক,৮ এপ্ৰিলঃ শুকুৰবাৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা। গুৱাহাটীত অনুস্থিত হ’বলগীয়া কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েচনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অধ্যক্ষগৰাকীয়ে।

লোকসভা সচিবালয়ে জনোৱা মতে, তেঁও শুকুৰবাৰে বিয়লি ৫.৩০ বজাত বিমানেৰে নতুন দিল্লীৰ পৰা অসম অভিমুখে ৰাওনা হ’ব আৰু নিশা ৮ বজাত গুৱাহাটীত উপস্থিত হ’ব।

অধ্যক্ষগৰাকীয়ে শনিবাৰে পুৱা ৯ বজাত কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েচনৰ কাৰ্যবাহী কমিটীৰ বৈঠকৰ উদ্ধোধনী অনুস্থানত অংশগ্ৰহণ কৰিব আৰু দিনৰ ১১.৩০ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰিব।

বিয়লি ৪.৩০ বজাত ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে এক আলাপত অংশগ্ৰহণ কৰিব। ১১ এপ্ৰিলত অধ্যক্ষগৰাকীয়ে কমনৱেলথ পাৰ্লিয়ামেণ্টৰি এছ’চিয়েচন ইণ্ডিয়াৰ অষ্টম সন্মিলনৰ শুভাৰম্ভ কৰিব আৰু দিনজোৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

আনহাতে ১২ এপ্ৰিলৰ দুপৰীয়া ১২.৩০ বজাত সন্মিলনৰ সামৰণি পৰ্বত অংশগ্ৰহণ কৰি সন্ধিয়া ৬.২০ বজাত নতুন দিল্লীলৈ ৰাওনা হ’ব।