Local, Vocal, Global

Shimla Landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, দুটি শিশুসহ ৫ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট : হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন । সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ । এই ঘটনাত ২৫ জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । এতিয়ালৈ দুটি শিশুসহ ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে । বাকী লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে (Shiv Temple Collapsein Summer Hill)। এই মন্দিৰটো শিমলাৰ উপনগৰ বালুগঞ্জত সমৰহিলত অৱস্থিত । পবিত্ৰ শাওণৰ সোমবাৰ হোৱা বাবে মন্দিৰত ভিৰ হৈছিল বহু লোকৰ । পুৱাতে শিৱ বাৱদী মন্দিৰত পূজা কৰিবলৈ গৈছিল বহু ভক্ত ।

সোমবাৰে পুৱা হিমাচলৰ ৰাজধানী শিমলাত সংঘটিত হয় এক বৃহৎ ভূমিস্খলনৰ ঘটনা । ছামাৰহিল অঞ্চলত অৱস্থিত শিৱ বাউদী মন্দিৰত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হয়। ইয়াত উপস্থিত ২৫ জনতকৈ অধিক লোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হয় । এই পৰ্যন্ত ২ শিশুসহ ৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে । ১০ৰ পৰা ১৫ জন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।

উল্লেখ্য বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে বুলি জানিব পৰা গৈছে । পাহাৰৰ পৰা এতিয়াও শিল বাগৰি আছে । মন্দিৰৰ ওপৰত শিল মাটিৰ লগতে চাৰি পাঁচজোপা গছ বাগৰি পৰে। NDRFৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । তেওঁ কয় যে স্থানীয় প্ৰশাসনে কাম কৰি আছে । আবদ্ধ লোকসকলক উদ্ধাৰ কৰি থকা হৈছে । মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা নৰেশ চৌহানে কয়, ১০ৰ পৰা ১৫ জন লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।

উল্লেখ্য যে, কেবামাহো ধৰি অব্যাহত থকা প্ৰলয়ৰ বাবে ৰাজ্যখনত বিস্তৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ তদুপৰি, পৰীক্ষাসমূহো পিছুৱাই দিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক : Chirang Encounter : চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা চোৰাং চিকাৰীৰ মৃত্যু