বিজেপি নেতা আত্মহত্যাৰ গোচৰত অভিযুক্ত আৰক্ষী কণিষ্টবল অঞ্জুমণি কোঁৱৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ বিজেপি নেতা কাৰ্তিক কৰ্মকাৰৰ আত্মহত্যা গোচৰত অভিযুক্ত আৰক্ষী কণিষ্টবল অঞ্জুমণি কোঁৱৰক গ্ৰেপ্তাৰ কৰে গীতানগৰ আৰক্ষীয়ে।গুৱাহাটীৰ গীতানগৰৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে কণিষ্টবল অঞ্জুমণি কোঁৱৰক। হনীট্ৰেপিং কৰি কণিষ্টবল অঞ্জুমণি কোঁৱৰে ব্লেকমইল কৰিছিল বিজেপি নেতাগৰাকীক।
ব্লেকমেইলিং কৰি বহু লাখ টকা লুট কৰাৰ পিছত কাৰ্তিক কৰ্মকাৰে আত্মহত্যা কৰিছিল। আত্মহত্যাৰ পূৰ্বে কাৰ্তিক কৰ্মকাৰে চুইছাইড নোটত অঞ্জুমণি কোঁৱৰসহ ৫ জনৰ নাম উল্লেখ কৰিছিল। গীতানগৰ আৰক্ষীয়ে মোবাইল ফোনৰ আত ধৰি গীতানগৰত আত্মগোপন কৰি থকা অৱস্থাত কণিষ্ঠবল অঞ্জুমনি কোৱৰক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি আত্মহত্যা কৰিছিল কাৰ্তিক কৰ্মকাৰ নামৰ এজন বিজেপি নেতাই। এই ঘটনাই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। গোলকগঞ্জৰ বিজেপি নেতা তথা ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰৰ মৃতদেহ এখন বিদ্যালয় চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল। ঘটনাৰ বিৱৰণ অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ পুৱতি নিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল বিজেপি নেতাগৰাকীৰ মৃতদেহ। আত্মহত্যা কৰা কাৰ্তিক কৰ্মকাৰ গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য আছিল।