মুম্বাইত সন্ধানহীন হোৱা অসমৰ বৃদ্ধাক উদ্ধাৰ

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ যোৱা বছৰৰ আগষ্ট মাহত মুম্বাইত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ থকা অৱস্থাত এগৰাকী বৃদ্ধা সন্ধানহীন হৈছিল। মুম্বাইলৈ ৰে’লযোগে গৈ থকা অৱস্থাত কল্যাণ ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন হয় বৃদ্ধাগৰাকী। নিৰুদ্দেশ হোৱা ৬৫ বছৰীয়া বৃদ্ধা গৰাকীৰ নাম চাহিদা বেগম। বৃদ্ধাগৰাকীৰ ঘৰ বৰপেটা ৰোডৰ হাতীমূৰীয়া গাঁৱত।
মুম্বাইৰ কল্যাণ ষ্টেচনৰ পৰা মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰি বৃদ্ধাগৰাকীক ৬ মাহ ধৰি আশ্ৰয় দিছিল। ছয়মাহৰ অন্তত মুম্বাই আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি মহানগৰীৰ পাঞ্জাবাৰীস্থিত বাঘৰবাৰীৰ মা কামাখ্যা বৃদ্ধাশ্ৰমক গতাই দিয়ে।
মহানগৰীৰ ELDER LINE নামৰ স্বেচ্ছাসেয়ী সংস্থাৰ সহযোগত বৃদ্ধাগৰাকীৰ পৰিয়াল আৰু ঘৰৰ সন্ধানত জানুৱাৰী মাহৰ পৰাই চেষ্টা কৰি আছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই পৰিয়ালৰ। ছ’চিয়েল মিডিয়া যোগে বৃদ্ধাগৰাকীৰ সন্ধান প্ৰচাৰ কৰিছিল যদিও অৱশেষত সংবাদ মাধামৰ কাষ চাপে সংস্থাটোৱে।
বৃদ্ধাগৰাকীয়ে প্ৰকাশ কৰা মতে, নিজৰ চাৰিজন ভ্ৰাতৃৰ সৈতে চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ সন্ধানহীন হয়। ইপিনে বৃদ্ধাগৰাকীৰ নিখোজ হোৱা সন্দৰ্ভত কোনো আৰক্ষী থানাত এতিয়ালৈকে এজাহাৰ দাখিল কৰা নাছিল পৰিয়ালে।