Local, Vocal, Global

Poland demands explanation after accusing Russia of violating its airspace :ৰাছিয়াই নিক্ষেপ কৰা মিছাইল পোলেণ্ডৰ ভূ-ভাগত প্ৰৱেশ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫মাৰ্চ : ৰাছিয়াই নিক্ষেপ কৰা মিছাইল পোলেণ্ডৰ ভূ-ভাগত প্ৰৱেশ ।

দেওবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা এক ডাঙৰ মিছাইল আক্ৰমণৰ সময়ত ই পোলেণ্ডৰ আকাশ সীমাত অলপ সময়ৰ বাবে প্ৰৱেশ কৰে । যাৰ ফলত নাটো সদস্যই এফ-১৬ যুঁজাৰু বিমান সক্ৰিয় কৰে । ইয়াৰ পিচতে পোলেণ্ডে ইয়াৰ ব্যাখ্যা দাবী কৰে(Poland demands explanation from Russia after a missile enters its airspace during attack on Ukraine) ।

উল্লেখ্য যে, বিগত চাৰি দিনত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই সংঘটিত কৰা এইটো আছিল তৃতীয় ডাঙৰ মিছাইল আক্ৰমণ ।

লভিভ অঞ্চলৰ ৰাজ্যপাল মাকচিম কোজিটস্কিয়ে টেলিগ্ৰাম প্লেটফৰ্মত কয় যে ইয়াৰ ফলত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয় ৷ কিন্তু ক’ত আঘাত কৰিছিল সেয়া তেওঁ নিৰ্দিষ্টভাৱে উল্লেখ কৰা নাই । লগতে কোনো মৃত্যু বা আঘাতৰ খবৰো পোৱা হোৱা নাই(Poland demands explanation after accusing Russia of violating its airspace) ।

পিচত কৰ্তৃপক্ষই কয় যে উদ্ধাৰকাৰীসকলে মাত্ৰ লভিভ অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কেন্দ্ৰত জুই নুমুৱায় ৷ যাৰ ওপৰত নিশা আৰু পুৱা মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰা হৈছিল । কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বী চেৰহি পপকোৱে কয় যে ৰাছিয়াই টু-৯৫এমএছ কৌশলগত বোমাৰু বিমানৰ পৰা উৎক্ষেপণ কৰা ক্ৰুজ মিছাইল ব্যৱহাৰ কৰিছিল ।

ৰাজধানীত এক আকাশী সতৰ্কতা দুঘণ্টাতকৈও অধিক সময় ধৰি চলিছিল ৷ কিয়নো ৰকেটবোৰ উত্তৰৰ পৰা দলবদ্ধভাৱে কিয়েভত প্ৰৱেশ কৰিছিল । তেওঁ কয় যে এই আক্ৰমণবোৰ ৰাছিয়াৰ চাৰাটভ অঞ্চলৰ এংগেলছ জিলাৰ পৰা আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক :Assam MLA Bharat Chandra Narah quits Congress : কংগ্ৰেছ এৰিলে ভৰত চন্দ্ৰ নৰহে;ৰাষ্ট্ৰীয় সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ