Local, Vocal, Global

Assam MLA Bharat Chandra Narah quits Congress : কংগ্ৰেছ এৰিলে ভৰত চন্দ্ৰ নৰহে;ৰাষ্ট্ৰীয় সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ

নিউজ ডেস্ক, ২৫মাৰ্চ : কংগ্ৰেছ এৰিলে ভৰত চন্দ্ৰ নৰহে।ৰাষ্ট্ৰীয় সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে নাওবৈচাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে।পত্নী ৰাণী নৰহে প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত পদত্যাগ ভৰত নৰহৰ(Assam MLA Bharat Chandra Narah quits Congress)।

ইতিমধ্যে দেওবাৰে ভৰত নৰহে পদত্যাগ কৰিছিল কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা। তাৰ পাছতে আজি কংগ্ৰেছ দলক বিদায় দিলে নৰহে।

উল্লেখযোগ্য যে, লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হৈছিল ৩ বাৰৰ সাংসদ ৰাণী নৰহ। ভৰত নৰহ কংগ্ৰেছৰ নাওবৈচা সমষ্টিৰ বিধায়ক। দুবাৰ লোকসভাৰ, এবাৰ ৰাজ্যসভাৰ সাংসদ আছিল ৰাণী নৰহ। মাত্ৰ এষাৰী বাক্য লিখিয়েই কংগ্ৰেছ দল ত্যাগ ভৰত নৰহে(Assam MLA Bharat Chandra Narah quits Congress after party refuses ticket to wife)।

লগতে পঢ়ক : Drugs Peddler Arrested : গোৱালপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক